NORTHEAST NOW (Assamese)
Popular Stories

ৰাজনৈতিক নেতাৰ স্বাৰ্থসিদ্ধি পূৰণৰ মঞ্চ হৈ পৰিল নেকি গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধস্থলী?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 9, 2025 6:21 pm

আজি গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধ। শদিয়াৰ টুপচিঙা গাঁৱত আজি অনুষ্ঠিত হৈছে প্ৰয়াত শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ। হাজাৰ হাজাৰ লোকে এই আদ্যশ্ৰাদ্ধত আগভাগ লৈছে। মৃত্যুৰ দিনাৰ পৰাই ৰাজীৱ শদিয়াৰ ঘৰলৈ অবিৰাম সোঁত গুণমুগ্ধৰ। যোৱা ১২ জানুৱাৰীত অৰ্থাৎ মাঘ বিহুৰ উৰুকাৰ আগদিনা গীত পৰিৱেশন কৰি থাকোতেই ঢলি পৰিছিল ৰাজীৱ শদিয়া। দুটা গীত পৰিৱেশন কৰি তৃতীয় গীতটো পৰিৱেশন কৰাৰ সময়তে হঠাৎ ঢলি পৰিছিল জনপ্ৰিয় শিল্পীগৰাকী।

ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ নেতা, জাতীয় দল সংগঠনৰ নেতৃত্বই ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধৰ সকলো দায়িত্ব লোৱাৰ উপৰিও তিনিচুকীয়া, শদিয়াৰ বিভিন্ন গাঁৱৰ ৰাইজে দিনে নিশাই সংগ ৰাজীৱ শদিয়াৰ পৰিয়ালক।

বিপ্লৱী গীতেৰে জনতাৰ হৃদয়ত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা ৰাজীৱ শদিয়াৰ অকাল বিয়োগৰ পাছতে সৃষ্টি হৈছিল অভূতপূৰ্ব পৰিস্থিতিৰ।

অতি সামান্য জীৱন যাপন কৰা ৰাজীৱ শদিয়াই জাতিৰ বাবে গীত গাই ৰাইজৰ হিয়াৰ আমঠু হৈ পৰিছিল। অসমীয়া জাতি প্ৰেমমূলক গীতেৰে ৰাজ্যৰ সংগীত জগতত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৰাজীৱ শদিয়া।

ভিডিঅ’টো চাবলৈ এই লিংকত ক্লিক কৰক : https://www.facebook.com/AkhilGogoiRD/videos/2106052066532211

কিন্তু আজি ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধত দেখা গ’ল এক আচহুৱা দৃশ্য! আজি আদ্যশ্ৰাদ্ধত উপস্থিত আছিল শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈ। গগৈয়ে সামাজিক মাধ্যম ফেচবুকত শদিয়াৰ শ্ৰাদ্ধত উপস্থিত থকাৰ এক নাতিদীৰ্ঘ ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত গগৈয়ে ৰাজীৱ শদিয়াৰ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনোৱা পৰিলক্ষিত হৈছে। কিন্তু দেখা গৈছে যে, অখিল গগৈয়ে হাঁহিমুখেৰে এই শোকাকূল পৰিৱেশত ৰাইজৰ সৈতে মত-বিনিময় কৰিছে, ৰাইজৰ ভাতৰ থালিৰ পৰা ব্যঞ্জনৰ জু্তি লৈছে লগতে হাঁহি-হাঁহি ৰাইজৰ লগত ছেলফী উঠা দেখা গৈছে। লগতে বহু লোকৰ সৈতে হাস্যবদনে ফটোৰ পজ দিলে গগৈয়ে। এটা অতি শোকাকূল পৰিৱেশত গগৈয়ে উপস্থিত থাকি সুহৃদয়তা দেখুৱাইছে ঠিক তেনে সময়তে গগৈৰ ব্যক্তিগত আন কামবিলাকত বহুতে ৰাজনীতিৰ গোন্ধ পাইছে। এইখিনিতে সচেতন ৰাজনৈতিক মহলত প্ৰশ্ন উঠিছে যে, গগৈয়ে আদ্যশ্ৰাদ্ধত থাকি ছেলফী লোৱাটো কিমানদূৰ উচিত হৈছে? সেই প্ৰশ্ন আমি সাধাৰণ ৰাইজৰ বাবে এৰিলোঁ।