NORTHEAST NOW (Assamese)
অসম

মৰ্মান্তিক! বায়েকৰ বিয়াৰ অনুষ্ঠানত নাচি থকাৰ মাজতে ঢলি পৰিল যুৱতী; ক্ষণিকতে মৃত্যু (ভিডিঅ’)

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 10, 2025 9:58 am

মোমায়েকৰ ছোৱালীৰ বিয়াৰ অনুষ্ঠান উদযাপন কৰি থাকোঁতে ঘটিল বিপৰ্যয়। অনুষ্ঠানত নাচি থকা অৱস্থাতে হাৰ্ট এটেকত আক্ৰান্ত হৈ যুৱতীগৰাকীৰ মৃত্যু হয়। মধ্য প্ৰদেশৰ বিদিশাত সংঘটিত হৈছে এই ঘটনা। খবৰ অনুসৰি এখন ৰিজ’ৰ্টত এই বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছিল।

নিহত যুৱতীগৰাকী ইন্দোৰৰ বাসিন্দা পৰিনীতা জৈন (২৩) বুলি চিনাক্ত কৰা হৈছে। বাইদেউয়েকৰ বিয়াত বিদিশালৈ গৈছিল। আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে হালধী দিয়া অনুষ্ঠান আছিল। ৰাতি যুৱতীগৰাকীয়ে ‘লহেৰাকে বালখাকে’ গীতটোৰ ছন্দত নাচি আছিল। হঠাৎ মঞ্চত ঢলি পৰিল।

পৰিয়ালটোৰ প্ৰায় সকলোৱেই তাত উপস্থিত আছিল। যাৰ ভিতৰত কেইজনমান ডাক্তৰো আছিল। তেওঁলোকে ততাতয়াকৈ চিপিআৰ দিবলৈ চেষ্টা কৰে। কিন্তু সকলো অসাৰ হৈ পৰিল।

বহু চেষ্টাৰ পিছতো কোনো সঁহাৰি নোপোৱাত তেওঁক স্থানীয় ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে তাত তেওঁক মৃত ঘোষণা কৰে। পৰিয়ালটোত হৃদৰোগৰ ইতিহাস আছে। মাত্ৰ ১২ বছৰ বয়সতে হাৰ্ট এটেকত আক্ৰান্ত হৈ যুৱতীগৰাকীৰ ভাতৃৰ মৃত্যু হৈছিল।

হৃদৰোগৰ ফলত যুৱক-যুৱতীৰ মৃত্যু হোৱা ঘটনা এইটো প্ৰথম নহয়। যোৱা কেইমাহমানৰ ভিতৰত দেশত এনে একাধিক মৃত্যু হৈছে। মধ্যপ্ৰদেশতে খেল আৰু অনুষ্ঠানৰ সময়ত একাধিকৰ এনেদৰে মৃত্যু হৈছে।