NORTHEAST NOW (Assamese)
অসম

কৰ্পৰেটকো চেৰ পেলাব! আৰ আৰ এছৰ ১৫০ কোটি টকাৰ কাৰ্যালয়; আছে ১৩ মহলীয়া ৩টা টাৱাৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী February 13, 2025 3:37 pm

পুনৰ্নিমাণৰ পিছত দিল্লীত উদ্বোধন কৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছএছ) কাৰ্যালয়টোৱে আনকি কৰ্পৰেট কাৰ্যালয়কো চেৰ পেলাব। ১৩ মহলীয়া তিনিটা টাৱাৰ। তাত আছে চিকিৎসালয়, হনুমান মন্দিৰ, প্ৰেক্ষাগৃহ, পুথিভঁৰাল।

পাঁচ লাখ বৰ্গফুট ঠাই; ইয়াত তিনিটা টাৱাৰ, একাধিক প্ৰেক্ষাগৃহ, এখন চিকিৎসালয়, এটা পুথিভঁৰাল, আৰু এটা হনুমান মন্দিৰ আছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ১৫০ কোটি টকা ব্যয় কৰি দিল্লীত নিজৰ কাৰ্যালয়ৰ ৰূপান্তৰ ঘটাইছে। উদ্বোধন কৰা হ’ল চকু চাট মাৰি ধৰা কাৰ্যালয়। সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি আৰএছএছৰ কাৰ্যালয় ‘কেশব কুঞ্জ’ত প্ৰায় ৩০০টা কোঠা আৰু কাৰ্যালয় আছে।

বাতৰি অনুসৰি, ১৯৬২ চনৰ পৰা দিল্লীত থকা আৰএছএছৰ দুমহলীয়া কাৰ্যালয়টো পুনৰ্নিমাণ কৰি আধুনিক কৰি তোলা হৈছে। টাৱাৰ তিনিটা (তল মহলাৰ পৰা দ্বাদশ মহলা)ৰ নাম সাধনা, প্ৰেৰণা, আৰু অৰ্চনা ৰখা হৈছে। আৰু আটাইতকৈ ডাঙৰ প্ৰেক্ষাগৃহটোৰ নাম অশোক সিংঘলৰ নামেৰে ৰখা হৈছে। বিশ্ব হিন্দু পৰিষদৰ নেতাগৰাকী ৰাম মন্দিৰ আন্দোলনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল।

সূত্ৰ অনুসৰি, গুজৰাটৰ স্থপতিবিদ অনুপ দাভেই কেশৱ কুঞ্জৰ ডিজাইন কৰিছে। সংঘৰ নতুন কাৰ্যালয়ত আধুনিক প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে বতাহ চলাচল আৰু পৰ্যাপ্ত সূৰ্যৰ পোহৰ নিশ্চিত কৰিবলৈ প্ৰাচীন স্থাপত্য শৈলীও অনুসৰণ কৰা হৈছে। আকৌ অশোক সিংঘল প্ৰেক্ষাগৃহত ৪৬৩ জন লোকৰ বহাৰ ব্যৱস্থা আছে। আন এটা হলত ৬৫০ জন লোক থাকিব পাৰে।

আৰ এছ এছৰ সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা প্ৰতিবেদন অনুসৰি, ‘কেশৱ কুঞ্জ’ৰ বাবে প্ৰায় ১৫০ কোটি টকা ব্যয় কৰা হৈছে। সেয়া হিন্দুত্ববাদী সংগঠনটোৰ ৭৫ হাজাৰ অনুগামীৰ পৰা পোৱা গৈছে। সমগ্ৰ পুনৰ্নিমাণৰ কাম সম্পূৰ্ণ কৰি ‘কেশৱ কুঞ্জ’ উদ্বোধন কৰিবলৈ আঠ বছৰ সময় লাগিছিল। এই কামৰ সময়ছোৱাত দৈনন্দিন কাম-কাজৰ বাবে ২০১৬ চনৰ পৰা এটা স্থান ভাড়াতো লৈছিল আৰ এছ এছে।

নতুন কাৰ্যালয়ৰ সংঘৰ কৰ্মকৰ্তাসকলে জনোৱা মতে, ‘কেশব কুঞ্জ’ত সৌৰ শক্তিৰ পেনেল আছে। কিছু চাহিদা সৌৰশক্তিৰ জৰিয়তে পূৰণ কৰা হ’ব। যিখন চিকিৎসালয় আছে, সেইখনত আশে-পাশে থকা দৰিদ্ৰ লোকসকলকো সেৱা আগবঢ়াব। সূত্ৰ অনুসৰি বাহিৰৰ পৰা অহা লোকেও পুথিভঁৰাললৈ যাব পাৰিব।