NORTHEAST NOW (Assamese)
Popular Stories

চৰকাৰী ব্যয় হ্ৰাসৰ বাবে বদ্ধপৰিকৰ ট্ৰাম্প! আমেৰিকাত ২৬ দিনত  ১০ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে হেৰুৱালে চাকৰি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 15, 2025 2:16 pm

চৰকাৰী ব্যয় হ্ৰাসৰ বাবে ট্ৰাম্প প্ৰশাসনে কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পদক্ষেপৰ বাবেই যোৱা ২০ জানুৱাৰীৰ পৰা ২৬ দিনত দেশত ৯৫০০ৰো অধিক চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে চাকৰি হেৰুৱাইছে। ৰয়টাৰে এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত বৰ্তমানৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কৰ সৈতে ঘনিষ্ঠ হৈ পৰিছিল। ২০ জানুৱাৰীত শপত গ্ৰহণ কৰাৰ পিছত ট্ৰাম্পে “চৰকাৰী ব্যয় হ্ৰাস আৰু কৰ্মচাৰীৰ দক্ষতা বৃদ্ধি নামৰ নতুন কাৰ্যালয় মুকলি কৰাৰ নিৰ্দেশ জাৰি কৰে। ইলন মাস্কক সেই বিভাগৰ মুৰব্বী নিযুক্তি দিয়া হৈছিল। কিন্তু আমেৰিকাৰ সংসদে অনুমোদন নিদিয়াৰ বাবে বিভাগটোৱে এতিয়াও মন্ত্ৰালয়ৰ মৰ্যাদা লাভ কৰা নাই আৰু মাস্কে মন্ত্ৰীৰ পৰিৱৰ্তে “উপদেষ্টা উপাধিতে সন্তুষ্ট হবলগীয়া হৈছে।

ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ দিনাৰ পৰাই চৰকাৰী কৰ্মচাৰীৰ চাকৰিচ্যুতি আৰম্ভ হৈছিল, আৰু এতিয়া ইয়াৰ সংখ্যা প্ৰায় ১০ হাজাৰ হৈছেগৈ। চাকৰিৰ পৰা বৰ্খাস্ত হোৱাসকলৰ তালিকাত আছে গৃহ পৰিক্ৰমা, বিদ্যুৎ আৰু ইন্ধন, অৱসৰপ্ৰাপ্ত সেনা বিষয়া আৰু কৃষি, স্বাস্থ্য, আৰু মানৱীয় সেৱাকে ধৰি প্ৰায় সকলো মন্ত্ৰালয়ৰ বিষয়া আৰু কৰ্মচাৰী। আৰু এই গোটেই চাকৰিচ্যুতিৰ বিষয়টো ইলন মাস্কৰ “চৰকাৰী খৰচ কৰ্তন আৰু কৰ্মচাৰীৰ দক্ষতা বৃদ্ধি”ৰ তত্বাৱধানত চলি আছে।

আমেৰিকাৰ কৰ সংগ্ৰহ কৰা চৰকাৰী সংস্থা ইণ্টাৰনেল ৰেভিনিউ চাৰ্ভিচে (আই আৰ এছ) শুকুৰবাৰে ঘোষণা কৰা অনুসৰি অহা সপ্তাহত ১০০০ৰো অধিক বিষয়া আৰু কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ জাননী দিয়া হব।

ছুটীৰ উপৰিও ৭০ হাজাৰতকৈ অধিক বিষয়া আৰু কৰ্মচাৰীক ‘বাইআউট প্ৰগ্ৰেম বা ‘গোল্ডেন হেণ্ডশ্বেকৰ বলি কৰা হৈছে। চৰকাৰী তথ্য অনুসৰি ২০ জানুৱাৰীৰ পৰা ‘বাইআউট প্ৰগ্ৰেমৰ অধীনত প্ৰায় ৭৫ হাজাৰ শ্ৰমিক আৰু কৰ্মচাৰীয়ে স্বেচ্ছাই চাকৰি এৰিবলগীয়া হৈছে।

কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ উপৰিও ট্ৰাম্প প্ৰশাসনে বহু চৰকাৰী বিভাগ আৰু সংস্থালৈ ধন কৰ্তন কৰিছে। ফলত সেই বিভাগ আৰু সংগঠনসমূহে অস্তিত্ব সংকটৰ সন্মুখীন হৈছে। গ্ৰাহকৰ অধিকাৰ সুৰক্ষাৰ বাবে দেশৰ চৰকাৰী সংস্থা কনজিউমাৰ ফাইনেন্সিয়েল প্ৰটেকচন ব্যুৰো ইতিমধ্যে বন্ধ হৈ থকাৰ লগতে আন কেইবাটাও সংস্থা বন্ধ হোৱাৰ উপক্ৰম হৈছে।