NORTHEAST NOW (Assamese)
Popular Stories

চলন্ত গাড়ীত মহিলাক দলবদ্ধ ধৰ্ষণ! কৰ্মস্থলীৰ পৰা ঘৰলৈ অহাৰ পথত লিফ্ট বিচৰাই হৈ পৰিল কাল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 15, 2025 5:05 pm

কামৰ অন্তত ঘৰলৈ উভতি আহিছিল এগৰাকী ৪০ বছৰীয়া মহিলা। অভিযোগ মতে, লিফ্ট দিয়াৰ অজুহাতত গাড়ীত দলবদ্ধ ধৰ্ষণ কৰা হয় মহিলাগৰাকীক। ৰাজস্থানৰ উদয়পুৰত সংঘটিত হয় এই ঘটনা। দলবদ্ধ ধৰ্ষণ, অপহৰণ, আক্ৰমণৰ অভিযোগত প্ৰতাপগড় আৰক্ষী থানাত ৰুজু হৈছে এক গোচৰ।

আৰক্ষী থানাত অভিযোগ কৰি ভুক্তভোগী মহিলাগৰাকীয়ে বুধবাৰে বিশেষ কামত প্ৰতাপগড়লৈ গৈছিল বুলি জানিবলৈ দিয়ে। ৰাতি ৯ বজাত কাম শেষ কৰি গাড়ীৰ বাবে ৰৈ আছিল। কিন্তু বহু সময় থিয় হৈ কোনো বাহন বিচাৰি নোপোৱাৰ পাছত গাড়ী এখন ৰখাই লিফ্ট বিচাৰিলে। সেই গাড়ীখনত চাৰিজন মানুহ আছিল। গন্তব্য স্থান পোৱাৰ পাছতো গাড়ীখন ৰখাই নিদিলে চাৰিজন লোকে। অভিযোগ অনুসৰি চলন্ত গাড়ীৰ পিছৰ চিটত বহি থকা অৱস্থাত দুজন লোকে মহিলাগৰাকীক ধৰ্ষণ কৰে।

ইয়াৰ পাছতে এখন কলেজৰ সমীপত গাড়ী ৰখাই গাড়ীখনত থকা চাৰিজন লোকে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। অৱশেষত অভিযুক্তই পৰিত্যক্ত ঠাইত এৰি থৈ যায়। মূৰত আঘাত পোৱাৰ বাবে চেতনা হেৰুৱাই পেলোৱাৰ অভিযোগ ভুক্তভোগী মহিলাগৰাকীৰ। সচেতন হৈ উঠাত কলেজৰ নিৰাপত্তাৰক্ষীক তেঁও সহায় বিচাৰিলে। চকীদাৰজনে তেওঁক পানী খাবলৈ দি সাময়িকভাৱে সুস্থ কৰি তুলিলে। ইয়াৰ পাছতে কাষৰ হোটেল এখনত গৈ আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উপস্থিত হৈ তেওঁক চিকিৎসালয়ত ভৰ্তি কৰে। স্থানীয় চিচিটিভি ফুটেজ পৰ্যালোচনা কৰি অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে।