NORTHEAST NOW (Assamese)
দেশ

অমৃতসৰত অৱতৰণ আমেৰিকাৰ সেনা বিমান : হাত ভৰিত শিকলি লগাই পুনৰ ১১৬ জন ভাৰতীয়ক ঘূৰাই পঠালে আমেৰিকাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 16, 2025 5:33 pm

অতি কষ্টকৰ যাত্ৰা আৰু লাখ লাখ টকা খৰছ কৰি আমেৰিকালৈ যোৱা ১১৬ জন অবৈধ ভাৰতীয়ক ঘূৰাই পঠালে ট্ৰাম্প প্ৰশাসনে। অমৃতসৰত উপস্থিত হ’ল আমেৰিকাই পঠাই দিয়া অবৈধ ভাৰতীয়ৰ দ্বিতীয়টো দল।

ঠিক যোৱাবাৰৰ এইবাৰো ভাৰতীয় নাগৰিকসকলক হাত-ভৰিত শিকলি বান্ধি উভটাই অনা হ’ল।

মোদীৰ আমেৰিকা ভ্ৰমণৰ পিছতো কোনো প্ৰভাৱ দেখা পোৱা নগ’ল। স-সন্মানেৰে ঘূৰাই পঠিওৱাৰ সলনি পুনৰ শিকলি বান্ধি জীৱ-জন্তু দৰে পঠিয়াই দিয়া হ’ল ভাৰতীয় নাগৰিকসকলক। এতিয়া পুনৰ একে ঘটনা সংঘটিত হোৱাৰ পিছত বিৰোধীয়ে মোডী চৰকাৰৰ কূটনৈতিক দক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সংসদত কৈছিল, ‘এয়া আমেৰিকাৰ নিজৰ প্ৰব্ৰজন আইন’।

ইয়াৰ পূর্বে ৫ ফেব্ৰুৱাৰীত প্রথম পর্যায়ত ১০৪ জন ভাৰতীয়ক দেশলৈ ঘূৰাই পঠিওৱা হৈছিল৷ অহা দেওবাৰে দেশলৈ পঠিয়াই দিউয়া হ’ব আন ১৫৭ গৰাকী ভাৰতীয়।