NORTHEAST NOW (Assamese)
দেশ

লোমহৰ্ষক! সন্তান প্ৰসৱৰ সময়ত মৃত্যু ১৬ বছৰীয়া ধৰ্ষিতা কিশোৰীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 18, 2025 10:20 pm

দেওবাৰে অন্ধ্ৰ প্ৰদেশৰ চিট্টুৰ জিলাত সন্তান প্ৰসৱ কৰাৰ সময়ত মৃত্যু হয় এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ।

পালামানেৰু অঞ্চলৰ এখন স্থানীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি গৰ্ভৱতী কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই ধৰ্ষণ কাণ্ডৰ অভিযুক্ত বৰ্তমানো পলাতক হৈ আছে বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি অভিযুক্ত ভুক্তভোগীৰ পৰিয়ালৰ আত্মীয়। ধৰ্ষণৰ ফলত গৰ্ভৱতী হোৱা কিশোৰীগৰাকীৰ গৰ্ভপাত কৰাতো সুৰক্ষিত নহয় বুলি চিকিৎসকে জানিবলৈ দিছিল। যাৰ বাবে শিশুটি জন্ম দিয়াৰ বাহিৰে ভুক্তভোগীৰ আন একো উপায় নাছিল।

জানিব পৰা মতে, স্থানীয় চিকিৎসালয়ত এটি ল’ৰা সন্তান জন্ম দিয়াৰ পিছত ভুক্তভোগীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। তীব্ৰ ৰক্তহীনতা আৰু শ্বাস-প্ৰশ্বাসজনিত জটিলতাত ভুগি থকা কিশোৰীগৰাকীৰ অৱস্থা অধিক বেয়া হৈ পৰাত তিৰুপতিৰ এখন চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হয়। চিকিৎসকে দলে বহু চেষ্টা কৰাৰ পিছতো দেওবাৰে তেওঁৰ মৃত্যু হয়।

ইতিমধ্যে POCSO আইনৰ অধীনত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। অপৰাধীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰতম শাস্তি দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে।