NORTHEAST NOW (Assamese)
Popular Stories

“তেওঁৰ গিয়েৰ সলনি কৰা ষ্টাইলটো ভাল লাগিল!” পিতৃয়ে নিযুক্তি দিয়া ড্ৰাইভাৰৰ লগত বিয়াত বহিল পাকিস্তানী যুৱতী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 22, 2025 7:00 am

নিজৰ গাড়ী চালকৰ লগত বিয়াত বহিল এগৰাকী ১৭ বছৰীয়া পাকিস্তানী যুৱতী। নিজৰ ২১ বছৰীয়া গাড়ী চালক যুৱকৰ সৈতে বিয়াত বহিল যুৱতীগৰাকী। এতিয়া সমগ্ৰ বিশ্বতে ভাইৰেল পৰিছে এইহাল দম্পতি।

পাকিস্তানৰ সংবাদ মাধ্যমৰ আগত ইতিমধ্যে কেইবাটাও সাক্ষাৎকাৰ দি ভাইৰেল হৈ পৰিছে এই নৱদম্পতীহাল। তেওঁলোকে সংবাদ মাধ্যমক নিজৰ প্ৰেম কাহিনীৰ বিষয়ে জানিবলৈ দিছে।

জানিব পৰা মতে, যুৱতীগৰাকীৰ পিতৃয়ে তেওঁক গাড়ী চলাবলৈ শিকোৱাৰ বাবে যুৱ চালকজনক নিযুক্তি দিছিল।

কিন্তু গাড়ী চলাবলৈ শিকাৰ সলনি নিজৰ প্ৰশিক্ষকৰ প্ৰেমত পৰিল যুৱতীগৰাকী।

যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত তেওঁৰ গাড়ী চলোৱাৰ দক্ষতাক প্ৰশংসা কৰিছে। যুৱতীগৰাকীয়ে কৈছে যে তেওঁ গাড়ীৰ গিয়েৰ সলনি কৰিলে তেওঁৰ হাত দুখন ধৰিবলৈ মন যায়। মই তেওঁঁৰ গিয়েৰ সলনি কৰা ধৰণটোৰ প্ৰেমত পৰিলোঁ।

এনেকৈয়ে গাড়ী চলোৱা শিকোঁতে তেওঁলোকৰ দৈনন্দিন সাক্ষাৎ আৰু কথা-বতৰা প্ৰেমলৈ পৰিণত হল। তেওঁলোকৰ অনন্য প্ৰেম কাহিনীয়ে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। ইয়াৰ পৰা এইটোৱেই বুজা গৈছে যে প্ৰেম অতি অপ্ৰত্যাশিতভাৱে হ’ব পাৰে।