NORTHEAST NOW (Assamese)
Popular Stories

স্বামীৰ আশা পূৰণ কৰিলে চেনেহৰ পত্নীয়ে! ভিডিঅ’ কলৰ জৰিয়তে সম্পন্ন মহাকুম্ভৰ স্নান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 26, 2025 5:40 pm

স্বামী মহাকুম্ভলৈ আহিব নোৱাৰিলে।সেয়েহে পত্নীয়ে স্বামীক ডিজিটেলী স্নান কৰাৰ ব্যৱস্থা কৰিলে যাতে স্বামীয়ে সেই সুযোগ হেৰুৱাব নোৱাৰে।

ঘটনা অনুসৰি, এগৰাকী মহিলা ত্ৰিবেণী সংগমত ডুব মৰাৰ লগতে স্বামীক স্নান কৰাৰ ভিডিঅ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। স্বামীৰ ডিজিটেল স্নান সম্পূৰ্ণ কৰিবলৈ ভিডিঅ কলৰ সময়ত গংগা, যমুনা, সৰস্বতী নদীৰ পানীত গোটেই মোবাইল ফোনটো বিসৰ্জন দিয়ে। প্ৰয়াগৰাজৰ মহাকুম্ভত উপস্থিত থাকিব নোৱাৰিলেও স্বামীৰ প্ৰতি ভক্তিৰে পুণ্য অৰ্জন কৰাটো তেওঁৰ কৰ্তব্য বুলি বহুতে উল্লেখ কৰিছে

স্মৰ্তব্য যে, ইফালে মহাকুম্ভ মেলাত আন ডিজিটেল গা ধোৱাৰ ব্যৱস্থাৰ ব্যৱস্থা কৰিও এদল লোকে ব্যৱসায় আৰম্ভ কৰিছে। ইণ্টাৰনেটৰ পৰা এখন ছবি ডাউনলোড কৰি ছবিখনৰ প্ৰিন্টআউট লৈ পানীত ডুবাই থৈ দূৰৰ পৰা পানীত গা ধোৱাৰ সুবিধা লাভ কৰিব পাৰি।

আজি অৰ্থাৎ ​​২৬ ফেব্ৰুৱাৰীত শিৱৰাত্ৰিত এইবাৰৰ মহাকুম্ভৰ অন্ত পৰিব। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, এই সংগমত এই পৰ্যন্ত ৬৩ কোটি লোকে গা ধুইছে। যিহেতু শেষৰটো ৰাজস্নান বুধবাৰে, সেয়েহে শিৱৰাত্ৰিত প্ৰতিবাৰৰ দৰে তীৰ্থযাত্ৰীৰ সংখ্যা এক কোটিৰো অধিক হোৱাৰ সম্ভাৱনা আছে। সেয়েহে প্ৰশাসনৰ হৈ যোগী চৰকাৰে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।