NORTHEAST NOW (Assamese)
Popular Stories

হাইস্কুল শিক্ষান্ত পৰীক্ষাত জালিয়াতি; বজালীৰ এটা পৰীক্ষা কেন্দ্ৰত ধৰা পৰিল ভুৱা পৰীক্ষাৰ্থী

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ February 27, 2025 6:50 pm

দাতিৰবাৰী কোৰাগাৰী উচ্চতৰ মাধ্যমিক বিদ্যায়ৰ পৰীক্ষা কেন্দ্ৰত পোহৰলৈ আহিছে ব্যাপক অনিয়ম। জালি এডমিট কাৰ্ড লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ এগৰাকী পৰীক্ষাৰ্থী। পৰীক্ষা কেন্দ্ৰটোত এনে প্ৰবঞ্চনাৰ ঘটনাই উদ্বেগ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, অভিযুক্ত পৰীক্ষাৰ্থীগৰাকীৰ নাম হাৰুনুৰ ৰছিদ। হৰেন্দ্ৰ চিত্ৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৰছিদে আৰক্ষী নিযুক্তিৰ সাক্ষাৎকাৰৰ বাবে যোগ্যতা অৰ্জন কৰাৰ উদ্দেশ্যে জালিয়তিৰে নিজৰ জন্ম তাৰিখ সলনি কৰিছিল। ঘটনাৰ তদন্তত কোৰাগৰী পথাৰ আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক মহিৰ উদ্দিনকো এই প্ৰৱঞ্চনামূলক কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ সাক্ষ্য লাভ কৰাৰ পাছত।ইয়াৰ আঁৰত এক বৃহৎ অসাধু  চক্ৰ জড়িত তথকাৰ সন্দেহ প্ৰকাশ কৰিছে।

ৰছিদ পৰীক্ষাৰ কেন্দ্ৰটোত নিয়েজিত পৰীক্ষক হৰেন্দ্ৰ চিত্ৰ মহাবিদ্যালয়ৰ অধ্যাপক অৰূপ দাসৰ প্ৰক্তন ছাত্ৰ বুলি জ্ঞাত হোৱাৰ পাছতে অধিক এই বিতৰ্ক আৰু অধিক বৃদ্ধি পাইছে।

হাইস্কু শিক্ষান্ত পৰীক্ষাৰ চাৰিটা বিষয় পৰীক্ষা হৈ যোৱাৰ পাছতহে এই প্ৰবঞ্চনা পোহৰলৈ অহাত ছাত্ৰ ছাত্ৰীসকলৰ লগতে সচেতন মহলৰ মাজত কৰ্তৃপক্ষৰ এনে গাফিলতিয়ে উদ্বেগৰ সৃষ্টি কৰিছে। এই ঘটনাৰ পাছত পৰীক্ষা কেন্দ্ৰটোত পুনৰ তদন্ত আৰম্ভ কৰিছে। পৰীক্ষা কেন্দ্ৰটোৰৰ ওপৰত ইয়াৰ পূৰ্বেও নকল কৰাৰ সুবিধা প্ৰদান কৰাৰ অভিযোগৰ উত্থাপিত হৈছিল।