NORTHEAST NOW (Assamese)
Popular Stories

‘ইউফুজিম-২৫’ আয়োজনৰ বাবে সাজু গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 28, 2025 1:22 pm

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ৫ মাৰ্চৰপৰা ৮মাৰ্চ ২০২৫ তাৰিখলৈ বিশ্ববিদ্যালয় সপ্তাহ “ইউফুজিম- ২৫” অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে সংগীত, নাটক, কলা, সাহিত্য বিভাগৰ লগতে  ফটোগ্ৰাফী আৰু চিনেমা, প্ৰযুক্তি আৰু ইলেক্ট্ৰনিকছ, ইত্যাদি বহু ধৰনৰ প্ৰতিযোগিতাৰে চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰিবলগীয়া এই বাৰ্ষিক উৎসৱৰ এই বছৰ থীম বা বিষয়বস্তু হৈছে ‘RETRO REWIND’  অৰ্থাৎ “অতীতলৈ উভতি চোৱা” ।

এইবাৰৰ বিশ্ববিদ্যালয় সপ্তাহত প্ৰায় ২৫ টা প্ৰতিযোগিতাৰ লগতে বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে , য’ত আছে প্ৰায় ২.৫ লাখ টকাৰ পুৰস্কাৰ। গোটেই অনুষ্ঠানটিৰ বিভিন্ন মিডিয়া অংশীদাৰ সকলৰ ভিতৰত আছে জিপ্লাছ , ৯২.৭ বিগ এফএম আৰু প্ৰতিদিন টাইমৰ দৰে প্ৰধান ব্ৰেণ্ড। এই বছৰ  ইউফুজিম ‘২০২৫ৰ টাইটেল স্পনছৰ হ’ব  কোকাকোলা l আন অংশীদাৰসকল হৈছে ক্ৰাফটি একজামশাস্ত্ৰজ,  দি এচ ইন্টাৰপ্ৰাইজ, দি’ৱেভ ষ্টুদিঅ,  নিউলাইক্ম আৰু ৰাহি ট্ৰেভেল এন্ড হস্পিতালিটি পাৰ্টনাৰ।

প্ৰতিবছৰৰ দৰে এইবাৰৰ ১৪ সংখ্যক ইউফুজিমে এক বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছে l ইউফুজিম- ২৫ ৰ এইবাৰৰ মুখ্য আকৰ্ষণ হৈছে বলীউদৰ সংগীত শিল্পী আছিছ কৌৰৰ সংগীত পৰিৱেশন। গায়িকা আছিছ কৌৰে গীত পৰিৱেশন কৰিব ৮ মাৰ্চ তাৰিখে ।

ইয়াৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱৰ সন্মানাৰ্থে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা “নৃসিংহ মূৰাৰী” ভাওনা প্ৰদৰ্শন কৰা হ’ব ৬ মাৰ্চ তাৰিখে ৫ বজাৰপৰা।

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বাৰ্ষিক উৎসৱ “ইউফুজিম ” কেৱল মনোৰঞ্জন, জ্ঞান বিনিময় বা ব্ৰেণ্ড প্ৰচাৰ ইত্যাদিৰএক উৎকৃষ্ট সুযোগ প্ৰদান কৰা ক্ষেত্ৰই নহয়, ই হৈছে ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰ্নিহিত প্ৰতিভা বিকাশ সাধন কৰাৰ এখন উৰ্বৰ মঞ্চ ।