উত্তৰ প্ৰদেশৰ এখন আদালতৰ চৌহদত এচিড আক্ৰমণৰ বলি মহিলা অধিবক্তা

উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ আদালতত দুই দুষ্কৃতিকাৰীয়ে এগৰাকী মহিলা অধিবক্তাক এচিডেৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে দোষীৰ বিৰুদ্ধে দুটা পৃথক গোচৰত অভিযোগকাৰীৰ হৈ যুঁজ দিছিল মহিলা অধিবক্তাগৰাকীয়ে।
শুকুৰবাৰে আদালতৰ চৌহদত থকা নিজৰ চেম্বাৰ লৈ গৈ থকা অৱস্থাতে দুজন দুষ্কৃতিকাৰীয়ে তেওঁক আক্ৰমণ কৰে। এজন অপৰাধীয়ে অধিবক্তালৈ পিষ্টল দেখুৱাই অৰু আনজনে অধিবক্তাগৰাকীলৈ এচিড নিক্ষেপ কৰে। ইয়াৰ পিছ্তে অধিবক্তাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তেওঁৰ মুখ আৰু মূৰৰ কিছু অংশ জ্বলি গৈছে বুলি জানিব পৰা গৈছে।
ইতিমধ্যে এই ঘটনাৰ অভিযুক্ত দুজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২৪(১) ধাৰাত এচিড আক্ৰমণকে ধৰি অন্যান্য কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰিছে। মহিলাগৰাকীৰ চিঞৰ শুনি আন অধিবক্তা আৰু বিবাদীসকলে ততাতৈয়াকৈ সেই স্থানলৈ যোৱাত আক্ৰমণকাৰী দুজন পলায়ন কৰে।
অৱশ্যে ভুক্তভোগী অধিবক্তা দুগৰাকীয়ে দুয়োজন অপৰাধীক চিনাক্ত কৰিবলৈ সক্ষম হয়। দুয়োৰে বিৰুদ্ধে দুটা পৃথক গোচৰ ৰুজু কৰিছে মহিলাগৰাকীয়ে। এগৰাকী মহিলাক হাৰাশাস্তি কৰাৰ অভিযোগত দুষ্কৃতিকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। অধিবক্তাগৰাকীয়ে আৰক্ষীক জনোৱা মতে, যৌতুক লোৱাৰ অভিযোগ সন্দৰ্ভত আন এজন ব্যক্তিৰ বিৰুদ্ধে গোচৰ আছে।
মোৰাদাবাদৰ আৰক্ষী অধীক্ষক (গ্ৰাম্য) আকাশ সিঙে কয় যে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত দুজন লোকৰ বিৰুদ্ধে এচিড আক্ৰমণৰ গোচৰ ৰুজু কৰা হৈছে। আক্ৰমণকাৰীয়ে কেনেধৰণৰ তৰল পদাৰ্থ ব্যৱহাৰ কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। মহিলাগৰাকী চিকিৎসাধীন হৈ আছে যদিও বৰ্তমান তেওঁ বিপদ মুক্ত বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰে।