NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

অবৈধভাবে ইজৰাইলত প্ৰৱেশৰ চেষ্টা : জৰ্ডন সেনাৰ গুলীত নিহত ভাৰতীয় নাগৰিক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 6, 2025 10:21 am

জৰ্ডান সেনাৰ গুলীত নিহত হৈছে এজন ভাৰতীয় নাগৰিক। জানিব পৰা মতে, অবৈধভাবে ইজৰাইলৰ সীমান্ত পাৰ হবলৈ চেষ্টা কৰাৰ সময়ত তেওঁক জৰ্ডানৰ সৈন্যই গুলীয়াই হত্যা কৰে।

জানিব পৰা মতে, নিহত ব্যক্তিগৰাকী কেৰালাৰ বাসিন্দা থমাছ গেব্ৰিয়েল। তেওঁৰ বয়স ৪৭ বছৰ আৰু তেওঁ কেৰালাৰ থুম্বা অঞ্চলৰ বাসিন্দা আছিল।

সূত্ৰ অনুসৰি এই ঘটনা ১০ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল।

দেওবাৰে জৰ্ডানত থকা ভাৰতীয় দূতাবাসে এক বিবৃতিত কয় যে, “দূতাবাস এই মৃত্যুৰ বিষয়ে অৱগত। আমি মৃতকৰ পৰিয়ালৰ সৈতে যোগাযোগত আছো আৰু জৰ্ডান কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি মৃতদেহটো ভাৰতলৈ ঘূৰাই পঠিওৱাটো নিশ্চিত কৰিছো।”

জানিব পৰা মতে, গেব্ৰিয়েলে পৰ্যটন ভিছাৰে জৰ্ডানত উপস্থিত হোৱাৰ পিছত ইজৰাইলত প্ৰৱেশৰ চেষ্টা কৰিছিল। সেই সময়ত জৰ্ডানৰ সীমান্তৰক্ষীয়ে তেওঁৰ ওপৰত গুলীচালনা কৰে।