NORTHEAST NOW (Assamese)
অসম

বেলতলাৰ ‘আল্ট্ৰাকেয়াৰ’ পৰীক্ষাগাৰৰ জঘন্য কাণ্ড : মহিলাৰ কাপোৰ সলোৱা কোঠাত চিচি টিভি কেমেৰা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 9, 2025 5:52 pm

পোহৰলৈ আহিছে মহানগৰীৰ বেলতলাৰ বিখ্যাত পৰীক্ষাগাৰ আল্ট্ৰা কেয়াৰৰ এক ভয়ংকৰ কাণ্ড।

এগৰাকী যুৱতীয়ে ৰোগীৰ গোপনীয়তা উলংঘা কৰাৰ অভিযোগ কৰিছে পৰীক্ষাগাৰটোৰ বিৰুদ্ধে।

যুৱতীগৰাকীয়ে অভিযোগ কৰিছে যে পৰীক্ষাগাৰটোৰ কৰ্মচাৰীয়ে তেওঁক চিকিৎসা পৰীক্ষাৰ সময়ত কাপোৰ খুলিবলৈ বাধ্য কৰাইছিল আৰু গোপনে এই দৃশ্য ৰেকৰ্ড কৰিছিল।

যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি কেন্দ্ৰটোৰ এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে হাতীগাঁও আৰক্ষীয়ে।

এই ঘটনাৰ পিছত ৰোগীৰ সুৰক্ষা আৰু গোপনীয়তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে কৰ্তৃপক্ষই।

ইফালে আৰক্ষীয়ে আন ভুক্তভোগীসকলক আগবাঢ়ি আহি এনেধৰণৰ অভিজ্ঞতাৰ বিষয়ে অৱগত কৰিবলৈ আহ্বান জনাইছে।