NORTHEAST NOW (Assamese)
দেশ

বাণিজ্য মন্ত্ৰালয়ক অৱগত নকৰাকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ব্যক্তিগতভাৱে শুল্ক হ্ৰাসৰ প্ৰতিশ্ৰুতি দিছিল নেকি ট্ৰাম্পক? সাংসদ গৌৰৱ গগৈৰ অভিযোগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 12, 2025 12:04 pm

প্ৰধান মন্ত্ৰী মোদীয়ে আৰম্ভ কৰিছে নেকি একনায়কত্ববাদ? কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ক অন্ধকাৰত ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ভাৰতৰ তৰফৰ পৰা শুল্ক হ্ৰাসৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে নেকি? লোকসভাত সৰৱ হৈ পৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ।

 ট্ৰাম্পে বৰ্তমানলৈকে ভাৰতৰ উচ্চ শুল্কৰ বিষয়ে অভিযোগ কৰি আহিছে আৰু ভাৰতৰ ওপৰতো উচ্চ শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছিল। কিছু দিন আগতে তেওঁ দাবী কৰিছিল যে, ভাৰত আমেৰিকাৰ পৰা আমদানিকৃত সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰিবলৈ সন্মত হৈছে। কিন্তু এতিয়ালৈকে মোদী চৰকাৰৰ বিদেশ মন্ত্ৰালয়, বাণিজ্য মন্ত্ৰালয় বা বিত্ত মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে এই দাবী অস্বীকাৰ কৰা নাই যদিও কেন্দ্ৰীয় বাণিজ্য সচিবে সংসদীয় স্থায়ী কমিটিৰ বৈঠকত দাবী কৰিছিল যে, ভাৰত শুল্ক হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা নাই।

ভাৰতৰ অটো পাৰ্টছ, ষ্টীল, ৰত্ন, গহনা, আৰু কৃষি উদ্যোগৰ ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰি কংগ্ৰেছ সাংসদ গৰাকীয়ে  প্ৰশ্ন কৰে যে কোনবোৰ খণ্ডত শুল্ক হ্ৰাস দেখা যাব? অৱশ্যে সাংসদ গৰাকীৰ প্ৰশ্ন উত্তৰ দিয়াৰ পৰা বিৰত থাকে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

বাণিজ্য ৰাজ্য মন্ত্ৰী জিতীন প্ৰসাদে স্পষ্ট কৰি দিয়ে যে আমেৰিকাই ভাৰতৰ ওপৰত প্ৰতিশোধমূলক শুল্ক আৰোপ কৰা নাই আৰু দুয়োখন দেশে বাধা আঁতৰাই বজাৰ সম্প্ৰসাৰণৰ বাবে দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ আলোচনাত মিলিত হৈছে। এই আলোচনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত এক যৌথ বিবৃতি জাৰি কৰা হয় বুলি উল্লেখ কৰে জিতীন প্ৰসাদে।