NORTHEAST NOW (Assamese)
দেশ

পুত্ৰ সন্তান জন্ম নহ’ল : ১৭ দিনীয়া কন্যা সন্তানক পানীৰ টেংকিত পেলাই হত্যা মাতৃৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 18, 2025 1:59 pm

পুত্ৰ সন্তান জন্ম নোহোৱাৰ বাবেই নিজৰ নৱজাত কন্যা সন্তানক হত্যা কৰিলে মাতৃয়ে। ৰাজস্থানৰ ঝুনঝুনুত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

জানিব পৰা মতে, পুত্ৰ সন্তান জন্ম দিবলৈ হাহাকাৰ কৰি থকা এগৰাকী মহিলাই নিজৰ ১৭ দিনীয়া কন্যাক পানীৰ টেংকিত পেলাই হত্যা কৰে।

সোমবাৰে আৰক্ষীয়ে এই তথ্য পোহৰলৈ আনে। জানিব পৰা মতে মহিলাগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ জেৰাৰ সময়ত অভিযুক্ত মহিলাগৰাকীয়ে পুত্ৰ সন্তান জন্ম দিব বিচৰা বুলি কয়। কিন্তু কন্যাৰ জন্মক লৈ হতাশাত ১৭ দিনৰ মূৰত পানীত পেলাই হত্যা কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি দেওবাৰে এই অপৰাধ সংঘটিত কৰে অভিযুক্ত মহিলাগৰাকীয়ে।

কোতৱালি থানাৰ গৃহ বিষয়া নাৰায়ণ সিঙে জনোৱা মতে, দেওবাৰে ঝুনঝুনু অঞ্চলৰ ৰাম কলনীৰ বাসিন্দা ২২ বছৰীয়া আচকি দেৱীয়ে ১৭ দিনীয়া কন্যা সন্তানক পানীৰ টেংকিত পেলাই দিয়ে। ঢাকনিখন বন্ধ কৰাৰ ফলত নৱজাত শিশুটিৰ মৃত্যু হয়। পিছত মহিলাগৰাকীয়ে এই বিষয়ে চিনাকি এজনক জনায়। তাৰ পৰাই এই খবৰটো মহিলাগৰাকীৰ স্বামীয়ে গম পায়।

তাৰপিছত স্বামীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰে।

সোমবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। আদালতত হাজিৰ কৰাৰ পিছত অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছে আদালতে।