NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত স্বৰ্ণপদক বিজেতা কলিয়াবৰৰ ৰূপজ্যোতিক জাগ্ৰত মহিলা মঞ্চৰ সম্বৰ্ধনা

Posted by: উদ্দিপ্ত কুমাৰ গোস্বামী May 30, 2018 2:35 pm
c91d62b7-a7cf-498c-a805-3928db9f67f4

স্পৰ্টছ কাৰাটে এছ’চিয়েশ্যন অব        ইণ্ডিয়াৰ উদ্যোগত কলকাতাৰ দীঘাত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসমৰ হৈ অংশগ্ৰহণ কৰি স্বৰ্ণ পদক দখল কৰি কলিয়াবৰৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনা ৰূপজ্যোতি শইকীয়াই আজি বাসগৃহত উপস্থিত হোৱাৰ পিছতে জাগ্ৰত মহিলা মঞ্চই সম্বৰ্ধনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে যোৱা ২৫ মে’ৰ পৰা ২৮ মে’ লৈকে হোৱা এই প্ৰতিযোগিতাত নগাওঁ জিলাৰ কলিয়াবৰৰ ৰূপজ্যোতি শইকীয়াই ৪৮-৫২ কেজি শাখাত জন্মু কাশ্মীৰৰ এজন খেলুৱৈক পৰাজিত কৰি স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হৈছিল।

আনহাতে, জাগ্ৰত মহিলা মঞ্চৰ হৈ সভানেত্ৰী জানমণি গায়ন, অৰুণিমা মহন্ত আৰু অন্য কেইবাগৰাকী সদস্যাই খেলুৱৈগৰাকীৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনোৱাৰ লগতে ৰূপজ্যোতিক কাৰাটে বিশ্বকাপত স্বৰ্ণ পদক দখলেৰে অসমলৈ সু-নাম কঢ়িয়াই আনিবৰ বাবে পৰামৰ্শ দিয়ে।

কলিয়াবৰ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত অধ্যয়নৰত পুত্ৰৰ এই  সাফল্যত পিতৃ ৰবিৰাম শইকীয়া আৰু মাতৃ ৰীণা শইকীয়াই আনন্দ লাভ কৰাৰ লগতে নিজ চিলাবন্ধাৰ ৰাইজো আনন্দত মতলীয়া হৈ পৰে।

বুধবাৰে পুৱা ৮ বজাত বাসগৃহত আহি উপস্থিত হোৱাৰ পিছতে গাঁৱৰ ৰাইজসকল আহি ৰূপজ্যোতিক শুভেচ্ছা জনোৱাৰ লগতে ভৱিষ্যতে অধিক সু-নাম কঢ়িয়াই আনিবৰ বাবে আশীৰ্বাদ দিয়ে।

ইতিপূৰ্বে ২০১৫ চনৰ জুলাই মাহত শিৱসাগৰ জিলাৰ শিমলুগুৰিত আছাম কুংফু আৰু কিক বক্সিং এছ’চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰথম উত্তৰ-পূব আখাদা ফেষ্টিভেলত ৪৪ কেজি শাখাত সোণৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল।

6f5b978a-3022-4b00-8e08-e734e551716a

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনিত বিজয়ী হোৱাৰ বাবে ৰূপজ্যোতিয়ে ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ কাৰাটে প্ৰতিযোগিতাতভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব। এইবিশ্বকাপ কাৰাটে প্ৰতিযোগিতাখন কলকাতাৰ ঐতিহাসিক ক্ৰিকেট ষ্টেডিয়াম ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব।

তদুপৰি মহাৰাষ্ট্ৰত কাৰাটেৰ ব্লেকবেল্টধাৰী বিপ্লব কুমাৰ শইকীয়াৰ নেতৃত্বত কলিয়াবৰৰ পৰা যোৱা ১০ জনীয়া দলটোৰ কৃতাৰ্থ ৰাজখোৱা আৰু জ্ঞানদীপ শইকীয়াই ৰূপৰ পদক আৰু মৃন্ময় জ্যোতিবৰাই ব্ৰঞ্জৰ পদক দখল কৰিছে।

ইফালে ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া বিশ্বকাপ কাৰাটে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পৰাকৈ ৰূপজ্যোতিৰ প্ৰশিক্ষক বিপ্লবে তেওঁৰ তত্বাৱধানত ৰূপজ্যোতিক উন্নত প্ৰশিক্ষণ প্ৰদান কৰিব বুলিজানিব পৰা গৈছে।