NORTHEAST NOW (Assamese)
Popular Stories

নিশাৰ গুৱাহাটীত আৰক্ষীৰ বাহন চালকৰ উদ্ভণ্ডালি! গণেশগুৰিত মহটিয়াই নিলে দুই স্কুটী আৰোহীক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 22, 2025 11:02 am

নিশাৰ মহানগৰীত আৰক্ষীৰ বাহন চালকৰ উদ্ভণ্ডালি। গণেশগুৰিত আৰক্ষীৰ বাহনে মহটিয়াই নিলে দুই স্কুটী আৰোহীক।

ৰাজ্যিক সংবাদ মাধ্যম নিউজ ১৮ত প্ৰকাশিত বাতৰি অনুসৰি, দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহনখনে। দুৰ্ঘটনা সংঘটিত কৰি দিছপুৰৰ বিধায়ক আৱাসত প্ৰৱেশ কৰে বাহনখন।

বিধানসভাৰ কৰ্তব্যত নিয়োজিত আছিল বলেৰ বাহনখন। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ পঞ্জীয়ন নম্বৰ AS01EK1763

উল্লেখ্য যে, ভুল দিশেৰে আহি আৰক্ষীৰ বাহনখনে মহটিয়াই নিছিল দুই স্কুটী আৰোহীক। গণেশগুৰিৰ উৰণ সেতুৰ তলত নিশা ভাত খাবলৈ ৰৈছিল দুই যুৱক।সেই সময়তে দুৰ্ঘটনা সংঘটিত কৰিয়েই বেৰিকেড ভাঙি পলায়ন কৰে আৰক্ষীৰ বাহনসহ চালকজন।

আৰক্ষীৰ বাহন চলোৱা চালকজন সুৰামত্ত অৱস্থাত থকাৰ অভিযোগ ভুক্তভোগীৰ।ইতিমধ্যে ভয়ংকৰ দুৰ্ঘটনাত আহত হৈছে দুই স্কুটী আৰোহী। ঘটনা সন্দৰ্ভত দিছপুৰ থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছে।