NORTHEAST NOW (Assamese)
অসম

জ্বলি চাৰখাৰ হৈ গ’ল উজনি অসমৰ ১২০ বছৰ পুৰণি ঐতিহাসিক চাহ কাৰখানা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 27, 2025 3:17 pm

উজনি অসমত জ্বলি চাৰখাৰ হৈ গ’ল ১২০ বছৰীয়া পুৰণি চাহ কাৰখানা। জানিব পৰা মতে, ডিব্ৰুগড় জিলাৰ চাবুৱা অঞ্চলত অৱস্থিত ঐতিহাসিক প্ৰচেছিং ইউনিটৰ এক বৃহৎ অংশ অগ্নিকাণ্ডত জাহ যায়।

ব্ৰিটিছৰ যুগতে নিৰ্মাণ কৰা এই চাহ কাৰখানাটো জ্বলি যোৱাৰ ফলত বৃহৎ পৰিমাণৰ যন্ত্ৰপাতি আৰু কেঁচা চাহপাত ধ্বংস হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, চাবুৱাৰ দীনজয় চাহ বাগিচাত এই কাৰখানাটো অৱস্থিত।

প্ৰতিবেদন অনুসৰি অগ্নি নিৰ্বাপন বাহিনী আহি জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ আগতেই কাৰখানাটো প্ৰায় ৯০% জ্বলি ছাইলৈ পৰিণত হয়।

উল্লেখ্য যে অগ্নি নিৰ্বাপন বাহিনী আহি পোৱাৰ আগতেই স্থানীয় লোকসকলে জুই নিৰ্বাপন কৰিবলৈ অক্লান্ত চেষ্টা কৰিছিল।

প্ৰাথমিক তথ্যৰ পৰা অনুমান কৰা মতে শ্বৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হৈছে যদিও প্ৰশাসন আৰু কৰ্তৃপক্ষই জুইৰ সূত্ৰপাত হোৱাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰিবলৈ চেষ্টা কৰি আছে।