NORTHEAST NOW (Assamese)
অসম

প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদত ইডিৰ প্ৰাক্তন বিষয়া; বিৰোধীৰ মতে ‘আনুগত্যৰ পুৰস্কাৰ’

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 27, 2025 3:16 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ স্থায়ী সদস্য হিচাপে নিযুক্তি দিয়া হৈছে প্ৰাক্তন বলবৎকাৰী সঞ্চালকালয়ৰ (ইডি) মুৰব্বী সঞ্জয় কুমাৰ মিশ্ৰক। প্ৰধানমন্ত্ৰীয়ে নিজেই তেওঁক তেওঁৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ পূৰ্ণকালীন সদস্য হিচাপে নিযুক্তি দিছে। এই বিষয়টোৱে বিৰোধী শিবিৰৰ পৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।

পিএমইএচি হৈছে এক স্বতন্ত্ৰ সংস্থা, যিটো চৰকাৰক বিশেষকৈ প্ৰধানমন্ত্ৰীক অৰ্থনৈতিক আৰু আনুষংগিক বিষয়ত পৰামৰ্শ দিবলৈ গঠন কৰা হৈছে। সাধাৰণতে সেই পৰিষদত কেৱল প্ৰখ্যাত অৰ্থনীতিবিদ বা বিশেষজ্ঞকহে ৰখা হয়।

কিন্তু ১৯৮৪ চনৰ বেচৰ আই এ এছ সঞ্জয় কুমাৰ মিশ্ৰ এজন অৱসৰপ্ৰাপ্ত আই আৰ এছ বিষয়া, তথাপিও তেওঁক অৰ্থনীতিবিদ হিচাপে পৰিচিত নহয়। স্বাভাৱিকতে বিৰোধী শিবিৰে তেওঁক ইমান গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সমিতিত নিযুক্তি দিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

ইডিৰ মুৰব্বী হিচাপে মোডীৰ প্ৰতি যি আনুগত্য প্ৰকাশ কৰিছে তাৰ পুৰস্কাৰ হিচাপে অৱসৰৰ পিছত সঞ্জয় মিশ্ৰক সেই গুৰুত্বপূৰ্ণ সমিতিত নিযুক্তি দিয়া হৈছে বুলি বিৰোধীয়ে দাবী কৰিছে।

তৃণমূল ৰাজ্যসভাৰ নেতা ডেৰেক অ’ব্ৰাইনে সঞ্জয় মিশ্ৰক এক্স হেণ্ডেলত নিযুক্তি দিয়াক সমালোচনা কৰিছে। ডেৰেকৰ এই পোষ্টত প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ উদ্ধৃতি দি কয় যে ‘’প্ৰয়াত শ্ৰী অৰুণ জেটলীৰ বক্তব্যৰ উদ্ধৃতি দিয়াটো উপযুক্ত হ’ব। অৰুণ জেটলীয়ে কৈছিল যে ন্যায়াধীশৰ ক্ষেত্ৰত অৱসৰৰ পিছত চাকৰিৰ প্ৰলোভনে অৱসৰৰ আগৰ ৰায়ক প্ৰভাৱিত কৰে। ইডিৰ প্ৰাক্তন সঞ্চালকৰ ক্ষেত্ৰতো সেই কথা সত্য।’’

উল্লেখ্য যে ২০১৮ চনৰ ১৯ ​​নৱেম্বৰত সঞ্জয় কুমাৰ মিশ্ৰক দুবছৰৰ বাবে ইডিৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছিল।তেওঁৰ কাৰ্যকালতে বিৰোধীৰ বিৰুদ্ধে ইডি আটাইতকৈ সক্ৰিয় আছিল।

তেওঁ মুৰব্বী থকাৰ সময়তে ইডিৰ কাৰ্যালয়ত ছোনিয়া আৰু ৰাহুল গান্ধীক জেৰা কৰা হৈছিল। তদুপৰি, ডি কে শিৱকুমাৰ, মেহবুবা মুফতি, ওমৰ আব্দুল্লা, হেমন্ত ছ’ৰেন আৰু  অভিষেক বেনাৰ্জীৰ বিৰুদ্ধে ইডিৰ কাৰ্যকলাপলৈকে সঞ্জয় কুমাৰ মিশ্ৰৰ সঞ্চালক হিচাপে কাৰ্যকালতেই সংস্থাটোৱে কাম-কাজ আৰম্ভ কৰিছিল।