NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাৰ কথা ভাবিলেই কেৱল টুপী আৰু দাড়িৰ কথাহে মনলৈ আহে : অশোক সিংঘল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 27, 2025 2:56 pm

নিৰ্বাচন আহিলে মুখত আখৈ ফুটাদি সাম্প্ৰদায়িক কথা ফুটে ভাৰতীয় জনতা পাৰ্টীৰ নেতা সকলৰ। আহি থকা ৰাভা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ সাম্প্ৰদায়িক কথা কৈ শাসনৰ বাঘজৰী ধৰাৰ দিশেৰে অগ্ৰসৰ হৈছে বিজেপি নেতা।

এইবাৰ অশোক সিংঘলৰ মুখত আখৈ ফুটাদি ফুটিছে সাম্প্ৰদায়িক তথা সংখ্যালঘু বিদ্বেষী কথা। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰী অশোক সিংঘলে ২৬ মাৰ্চ, বুধবাৰে গোলাঘাটৰ দাৰিদুৰীৰ এখন সভাত ভাষণ দি এন ডি এৰ প্ৰাৰ্থী জোনালী ৰাভাক সমৰ্থন আগবঢ়ায়।

এই সভাত ভাষণ দি সিংঘালে মন্তব্য কৰে যে, “ যেতিয়া আমি গোৱালপাৰাৰ কথা ভাবো তেতিয়া কেৱল দাড়ি আৰু টুপীৰ কথাহে মনলৈ আহে।”

ইয়াৰ উপৰিও তেওঁ অভিযোগ কৰে যে “এটা সম্প্ৰদায়ে গোৱালপাৰা জিলাখন ধ্বংস কৰিছে।” এই সম্প্ৰদায়ৰ বিৰুদ্ধে ৰাইজক একগোট হৈ যুঁজিবলৈ আহ্বান জনায় অশোক সিংঘলে।

সিংঘলে লগতে কয় “কংগ্ৰেছক ভোট দি আৰু লাভ নাই, কিয়নো কংগ্ৰেছৰ হাতত খাবলৈও একো বাকী নাই।”

শেহতীয়াকৈ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভতো প্ৰশ্নৰ সন্মুখীন হবলগীয়া হয় মন্ত্ৰী অশোক সিংঘালে। কিন্তু কৌশলেৰে সাংবাদিকৰ এই প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা তেওঁ বিৰত থাকে।

অশোক সিংঘালৰ এই সাম্প্ৰদায়িক মন্তব্যৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে বিৰোধী দল আৰু সংখ্যালঘু দল-সংগঠন।