NORTHEAST NOW (Assamese)
অসম

বোকাখাতত মালিকৰ ঘৰৰ চোতালতে আত্মহত্যা বনকৰা যুৱতীৰ : যৌন অতিশয্যৰ অভিযোগ

Posted by: উত্তম শইকীয়া May 30, 2018 8:11 pm
ধৰ্ষণ

লোকচক্ষুৰ পৰা লজ্জা ঢাকিবলৈ বুলি আজি মালিকৰ ঘৰৰ চোতালতে গাত কেৰাচিন তেল ঢালি এগৰাকী বনকৰা যুৱতীয়ে আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে, বোকাখাত চহৰৰ বিভিন্ন লোকৰ ঘৰত বনকৰা মহিলা হিচাপে কাম কৰা যুৱতী গৰাকীয়ে যুৱতী গৰাকীয়ে বোকাখাতৰ ১ নং ৱাৰ্ডৰ নিৱাসী প্ৰয়াত বদন শৰ্মাৰ ঘৰটো নিয়মিত ভাৱে ঘন্টা হিচাপত কাম কৰি আহিছিল। আন দিনাৰ দৰে আজিও কাম কৰিবলৈ গৈ যুৱতী গৰাকীয়ে প্ৰয়াত বদন শৰ্মাৰ চোতালতে গাত কেৰাচিন তেল ঢালি আত্মহত্যাৰ প্ৰচেষ্টা চলায়।

পিছত এই সংক্ৰান্তত উপস্থিত স্থানীয় লোকে বোকাখাত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে যুৱতী গৰাকীক অৰ্ধদগ্ধ অৱস্থাত প্ৰথমতে বোকাখাত অসামৰিক চিকিৎসালয়লৈ আৰু তাৰ পিছত  যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও যোৰহাট চিকিৎসা মহাবিদ্যালয়তে মৃত্যুক সৱতি লয়।

উল্লেখযোগ্য যে চিকিৎসালয়তে মৃত্যুৰ সৈতে যুঁজি থকা অৱস্থাত যুৱতীগৰাকীয়ে প্ৰয়াত বদন শৰ্মাৰ দ্বিতীয় পুত্ৰ তীৰ্থ শৰ্মা ওৰফে জোনে তেওঁ ওপৰত কৰা যৌন অতিশয্যৰ বাবেই তেওঁ আত্মহত্যাৰ পথ বাচি ল’ব লগা হোৱা বুলি সকলোকে জনায়।

যুৱতীগৰাকীৰ অভিযোগৰ পিছৰে পৰা পলাতক অৱস্থাত থকা তীৰ্থ শৰ্মাক বিচাৰি বোকাখাত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰলৈকে যুৱকজনক আটক কৰিব পৰা নায়।

বিধৱা মাকৰ সৈতে বোকাখাতৰ এটা ভাড়াঘৰত থাকি লোকৰ ঘৰত বনকৰা ছোৱালী হিচাপে কাম কৰি পৰিয়ালৰ পোহপাল দিয়া যুৱতী গৰাকীৰ এই মৃত্যুত স্থানীয় লোকে দুখ প্ৰকাশ কৰাৰ লগতে দোষীক উচিত শাস্তি দিয়াৰ দাবী জনায়।