NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ভূমিকম্প পীড়িত ম্যানমাৰ লৈ ভাৰতৰ সাহায্য! অশান্ত মণিপুৰে পালেনে ভাৰত চৰকাৰৰ সাহায্য?    

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 29, 2025 5:54 pm

শেহতীয়াকৈ ্যানমাৰত জুকাৰই যোৱা ভূমিকম্পই দেশখনৰ বিস্তৰ ক্ষতি সাধন কৰিছে। ্যানমাৰত হোৱা ভূমিকম্পত এতিয়ালৈকে ১০০২ জনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ২,৩৭৬ জন আহত আৰু ৩০ জন নিখোঁজ হোৱা বুলি চৰকাৰী তথ্যত উল্লেখ কৰা হৈছে।

দুৰ্যোগ পীড়িত  দেশখনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে। ইতিমধ্যে ভাৰতৰ তৰফৰ পৰা ১৫ টন প্ৰয়োজনীয় সামগ্ৰী  ম্যানমাৰলৈ প্ৰেৰণ কৰা হৈছে। ৮০ জনৰ এনডিআৰএফৰ দলক অপাৰেচন ব্ৰহ্মৰ অধীনত উদ্ধাৰ কাৰ্যত সহায় কৰিবলৈ পঠিওৱা হৈছে।

্যানমাৰ সামৰিক চৰকাৰে জনাইছে যে মান্দালয় অঞ্চলত ৰাস্তা ফাটি যোৱাৰ লগতে এটা দলং আৰু বান্ধ ধ্বংস হৈছে। পৰিস্থিতিৰ  ভয়াবহতাৰ প্ৰতি লাক্ষ্য কৰি  ছটা ক্ষতিগ্ৰস্ত অঞ্চলত জৰুৰী অৱস্থা জাৰি কৰা হৈছে। থাইলেণ্ডেও বেংককত সতৰ্কতা জাৰি কৰিছে।

প্ৰসংগ ক্ৰমে ম্যানমাৰলৈ যি দৰে তাৎক্ষণিকভাবে ভাৰত চৰকাৰে  সকলো প্ৰকাৰৰ সাহায্য প্ৰৰ্দান কৰাৰ পৰিৱৰ্তে হিংসা জৰ্জৰ মণিপুৰত সাহাৰ্য প্ৰদান কৰা দূৰৰে কথা মণিপুৰ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ ল’বলৈও আহৰি নাই মোদী চৰকাৰৰ।