NORTHEAST NOW (Assamese)
Popular Stories

এবছৰত ১৩৩ কোটি টকাৰ আয়! নতুন অভিলেখ গঢ়িলে সিদ্ধিবিনায়ক মন্দিৰে…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 2, 2025 6:00 pm

এবছৰত ১৩৩ কোটি টকাৰ আয়! মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰত নতুন অভিলেখ। কেৱল সেয়াই নহয়, আগন্তুক বিত্তীয় বৰ্ষত এই বিখ্যাত মন্দিৰৰ আয় ১৫০ কোটিৰো অধিক হব পাৰে বুলি প্ৰথমতে অনুমান কৰা হৈছে। মন্দিৰৰ বিপুল আৰ্থিক লাভৰ আঁৰত সুশাসন আছে বুলি বিশ্বাস কৰে সিদ্ধিবিনায়কৰ উপ কাৰ্যবাহী বিষয়া সন্দীপ ৰাথোড়ে।

যোৱা ৩১ মাৰ্চত সমাপ্ত হোৱা ২০২৪-২৫ বৰ্ষৰ হিচাপ অনুসৰি মুম্বাইৰ এই বিখ্যাত মন্দিৰটোৱে বিভিন্ন খণ্ডৰ পৰা ১৩৩ কোটি টকা উপাৰ্জন কৰিছে। যদিও বছৰৰ আৰম্ভণিতে অনুমান কৰা হৈছিল যে ৰাজহ ১১৪ কোটি হব পাৰে। কিন্তু তীৰ্থযাত্ৰীসকলে আশা কৰাতকৈ অধিক দান আগবঢ়ায়।

বছৰৰ শেষৰ হিচাপ অনুসৰি ১৩৩ কোটি টকা মন্দিৰৰ কোষাগাৰত জমা হৈছে। প্ৰাথমিক অনুমানতকৈ কমেও ১৫ শতাংশ বেছি। সেয়ে মন্দিৰ কৰ্তৃপক্ষই অনুমান কৰিছে যে ২০২৫-২৬ বিত্তীয় বৰ্ষত আয় ১৫০ কোটি টকা হ’ব পাৰে।