NORTHEAST NOW (Assamese)
অসম

নলবাৰী জিলা সাহিত্য সভাই গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সম্পৰ্কে ঘোষণা

Posted by: এন ই নাও নিউজ May 31, 2018 7:20 am
নলবাৰী জিলা সাহিত্য সভা

আগন্তুক দিনবোৰত নলবাৰী জিলা সাহিত্যসভাই এলানি গঠনমূলক তথা সমাজমুখী কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসূচীসমূহত অসমৰ সাহিত্য জগতৰ কিছু বৰেণ্য ব্যক্তিৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু নতুন প্ৰজন্মৰ মাজত তেওঁলোকৰ আদৰ্শ প্ৰচাৰ কৰাৰ পৰিকল্পনা লোৱা হৈছে।

নলবাৰী জিলা সাহিত্য সভাই ২০১৮ -১৯ বৰ্ষত লোৱা  বিভিন্ন পদক্ষেপ সন্দৰ্ভত বুধবাৰে এখন সংবাদ মেল  অনুষ্ঠিত কৰে। জিলা সাহিত্য সভাৰ সম্পাদক  অতুল চন্দ্ৰ শৰ্মাই আতঁ ধৰা সংবাদ মেল সম্বোধন কৰে জিলা সাহিত্য সভাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত পশু চিকিৎসা বিষয়া ডাঃ বিপিন চন্দ্ৰ কলিতাই।

সংবাদ মেলত কলিতাই কয় যে – নলবাৰী জিলা সাহিত্য সভাই আগন্তুক দিনৰ বাবে বিভিন্ন কাৰ্য্যসূচী হাতত লৈছে । বিশেষকৈ  সভাপতি ডাঃ কলিতাই প্ৰকাশ কৰা মতে  আগন্তুক জুলাই মাহত গ্ৰন্থ সংগ্ৰহ, ২৯ জুলাইত গ্ৰন্থ  উন্মোচনী  উৎসৱ আৰু জিলা সাহিত্য সভাৰ পুথিভঁৰাল  উদ্বোধনী অনুষ্ঠান,বিশিষ্ট সাহিত্যিক -সমালোচক শশী শৰ্মাক ‘নলবাৰী ৰত্ন ‘ উপাধি প্ৰদান কৰা হ’ব।

অক্টোবৰ মাহত সাহিত্য বটাঁ প্ৰদান অনুষ্ঠানত  শৰৎ চন্দ্ৰ গোস্বামী সাহিত্য সেৱা বটাঁ, ত্ৰৈলোক্য নাথ গোস্বামী কথা সাহিত্য বটাঁ,  মহামোপাধ্যায় ধীৰেশ্বৰাচাৰ্য সংস্কৃতি সাহিত্য ‘নবদ্বীপ’ বটাঁ ,কবি জমিৰউদ্দিন  আহমেদ ‘নবীন কবি বটাঁ, ৰঘুনাথ চৌধাৰী বিহগী কবি বটাঁ, মহেন্দ্ৰ নাৰায়ণ চৌধুৰী সমাজসেৱা বটাঁ, প্ৰিয়নাথ ভট্টাচাৰ্য  নবীন গল্পকাৰ বটাঁ প্ৰদান কৰা হ’ব।

একেদৰে নলবাৰী ৰত্নমালা তৃতীয় খণ্ড, নলবাৰী জিলা সাংস্কৃতিক ইতিহাস প্ৰকাশ, কুঁহি, আকাশ, ৰামধেনু  অনুষ্ঠানৰ লগতে স্মৰণিকা প্ৰকাশ ,বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা যুৱ সংসদ গঠন আৰু ৩০ জুনত সাহিত্যচাৰ্য ডঃ হৰিনাথ শৰ্মা দলৈৰ স্মৃতি দিৱস পালন আদি কাৰ্যসূচী  ৰূপায়ন  কৰা হ’ব বুলিও প্ৰকাশ কৰে ।

সংবাদ মেলত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক গোবিন্দ কলিতা,  জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক  প্ৰদীপ বৰ্মন সহ কেইবাজনো বিষয়ববীয়া  উপস্থিত থাকে ।