NORTHEAST NOW (Assamese)
অসম

উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত সপ্তম স্থান লাভ কৰি ডিমৌলৈ গৌৰৱ কঢ়িয়াই আনিলে ৰমিন গগৈয়ে

Posted by: হিতোজ্বল চেতিয়া May 31, 2018 11:14 am
সপ্তম স্থান ডিমৌৰ ৰমিন গগৈৰ

অসমৰ ভিতৰত সপ্তম স্থান লাভ কৰি পুনৰ ডিমৌলৈ সুখ‍্যাতি কঢ়িয়াই আনিছে এজন ছাত্ৰই। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে সপ্তম স্থান লাভ কৰিছে ডিমৌৰ ৰমিন গগৈয়ে।

শিৱসাগৰ জুনিয়ৰ কলেজৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৰমিন গগৈয়ে মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৮৭ নম্বৰ লাভ কৰে।

এই সাফল‍্যত ডিমৌৰ কুশল পথৰ ছাত্ৰজনৰ ঘৰত এতিয়া আনন্দৰ বন্যা বৈছে আৰু ডিমৌৰ বিভিন্ন সংগঠন,অনুষ্ঠান- প্ৰতিষ্ঠান আদিয়ে ঘৰলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰিছে।

উল্লেখ্য যে,২০১৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰজনে অসমৰ ভিতৰত একাদশ স্থান অৰ্জন কৰিছিল। ৰমিনৰ এই সাফল‍্যত সমূহ ডিমৌবাসী আজি পুনৰ গৌৰাৱাম্বিত হৈ উঠিছে।