NORTHEAST NOW (Assamese)
অসম

নৱমস্থান লাভ কৰি সুনাম কঢ়িয়াই আনিলে বিশ্বানাথ জিলাৰ অংকিতাই

Posted by: কাজি জেইদুল ইছলাম May 31, 2018 5:01 pm

আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত  বিশ্বনাথ চাৰিআলিৰ ডেফনী জুনিয়ৰ কলেজৰ পৰা কলা শাখাত নৱম স্থান লাভ কৰি অংকিতা হাজৰিকাই বিশ্বনাথ জিলালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়।

বিশ্বনাথ জিলাৰ চতিয়াৰ নাগশংকৰৰ সৰ্বেশ্বৰ হাজৰিকা আৰু তুলতুল হাজৰিকাৰ কন্যা অংকিতাই ইংৰাজী, অসমীয়া, তৰ্ক বিজ্ঞান, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান, শিক্ষা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি মুঠ ৪৭৭ নম্বৰেৰে অসমৰ ভিতৰত নৱমস্থান লাভ কৰি জিলিকি উঠে।

পঢ়াৰ কোনো নিৰ্দিষ্ট সময় নথকা অংকিতাই সংবাদকৰ্মীক জনোৱা অনুসৰি ইংৰাজী আৰু অৰ্থনীতিত ঘৰুৱা শিক্ষক ৰ সহাই লোৱা অংকিতাই নিশাৰ ভাগতকৈ দিনৰ ভাগতহে বেছিকৈ পঢ়া শুনা কৰিছিল বুলি জনা যায়।

বৰ্তমান অংকিতাই তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত মেজৰ লৈ পঢ়াৰ আশা কৰিছে। ছবি অঁকা আৰু খেলা-ধূলাত বিশেষ ৰাপ থকাত অংকিতাৰ এই সাফল্যত গৌৰৱাম্বিত হৈ পৰিছে সমগ্ৰ বিশ্বনাথ জিলা।