NORTHEAST NOW (Assamese)
অসম

প্ৰাঃ মন্ত্ৰী ৰাম শৰ্মাৰ মৃত্যু : অনাড়ম্বৰ জীৱনেৰে আদৰ্শ ৰাখি গৈছে, শোকপ্ৰকাশ কৰি মন্তব্য সোণোৱালৰ

Posted by: এন ই নাও নিউজ May 31, 2018 5:16 pm
former assam minister ram sarma

অসমৰ প্ৰাক্তন পৰিবহণ মন্ত্ৰী, জননেতা ৰাম শৰ্মাৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।

পঢ়ক সদ্যপ্ৰয়াত ৰাম শৰ্মাৰ মৃত্যুৰ বাতৰি

শৰ্মাৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাই সোণোৱালে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰি কয় যে অনাড়ম্বৰ জীৱন যাপনৰ যোগেদি শৰ্মাই ভৱিষ্যত প্ৰজন্মৰ বাবে আদৰ্শ ৰাখি গৈছে।

সোণোৱালে লগতে কয় যে শৰ্মাই ‘অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত জনসেৱা আৰু ত্যাগৰ আদৰ্শ দাঙি ধৰি ৰাজ্যখনৰ সামাজিক জীৱন মহিয়ান কৰি গৈছে’।