NORTHEAST NOW (Assamese)
অসম

উঃ মাঃৰ ফলাফলত কৃতকাৰ্য হ’ব নোৱাৰি বজালীত ছাত্ৰীৰ আত্মহনন

Posted by: শশাংক তালুকদাৰ May 31, 2018 6:32 pm
student's suicide at Bajali

আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ সমগ্ৰ ৰাজ্যখনতে উছৱমুখৰ পৰিৱেশে বিৰাজ কৰি থকাৰ মাজতে বজালীত সংঘটিত হল এক অনাকাংক্ষিত ঘটনা।

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল বেয়া হোৱাত সহিব নোৱাৰি বৰপেটা জিলাৰ নকুচি গাঁৱৰ তাহুৰ উদ্দিনৰ কন্যা ৰুপিয়া পাৰবিন (১৯) নামৰ পৰীক্ষাৰ্থীগৰাকীয়ে বাচি ল’লে আত্মহননৰ পথ।

নিহত ৰুপিয়া পাৰবিন ভৱানিপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে।

স্থানীয় লোকৰ পৰা জানিব মতে প্ৰথমে পৰিয়ালৰ লোকে বাসগৃহৰ পাকঘৰৰ ভিতৰত ডিঙিত চিপলৈ থকা অৱস্থাত ছাত্ৰীগৰাকীক উদ্ধাৰ কৰিছিল, ইয়াৰ পিছতে তেওঁক ততালিকে চহিদ মদন ৰাউটা বজালী মহকুমা চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসালয়তে তেওঁক মৃত ঘোষণা কৰা হয়।

পিছত ছাত্ৰীগৰাকীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ পঠিওৱা হয়। এই ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলোৱা পৰিলক্ষিত হৈছে।