NORTHEAST NOW (Assamese)
Popular Stories

কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক তৃতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ নিন্দা ভূপেন বৰাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 12, 2025 10:00 pm

অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক সামাজিক মাধ্যমত কৰা মন্তব্যৰ বাবে তৃতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাক স্বাধীনতা খৰ্ব কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে দুবাৰকৈ জামিন দিয়াৰ পিছত আজি ৰিতম সিঙক তৃতীয়বাৰৰ বাবে জাগীৰোড আৰক্ষী থানাৰ দ্বাৰা গ্ৰেপ্তাৰ কৰোৱা কাৰ্য হিটলাৰী শাসনৰ নমুনা বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই এক বিবৃতিত উল্লেখ কৰিছে।

বৰাই কয়, সমালোচনা সহ্য কৰিব নোৱৰা চৰকাৰখনে দেৱালৰ লিখন পঢ়িবলৈকো শিকা নাই। এয়া গণতন্ত্ৰৰ বাবে চৰম ভেঙুচালি। দাগী অপৰাধীৰ দৰে ৰিতমক ইখন থানাৰ পৰা সিখন থানালৈ চোচৰাই নিয়াৰ লগতে পিতৃ-মাতৃক সাক্ষাৎ কৰিবলৈ নিদি মানৱ অধিকাৰ ভংগ কৰিছে বুলি উল্লেখ কৰি বৰাই কয় যে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ কংগ্ৰেছৰ সৈনকসকলে কেতিয়াও ভয় নকৰে আৰু আৰক্ষীক যিমানেই ব্যৱহাৰ নকৰক, সত্য উন্মোচন কৰাৰ বাবে কংগ্ৰেছৰ সৈনিকসকল চিৰ জাগ্ৰত হৈ থাকিব।

ৰিতম সিঙৰ পিতৃ-মাতৃৰ প্ৰতি আৰক্ষীয়ে কৰা ব্যৱহাৰ অত্যন্ত দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি বৰাই কয় যে মুখ্যমন্ত্ৰীয়ে মনত ৰখা ভাল যে বালীলৈ বুলি যিপাত সুগ্ৰীবলৈয়ো সিপাত। ৰিতমক শীঘ্ৰে মুকলি কৰি দিবলৈকো বৰাই বিবৃতিটোত আহ্বান জনায়।