NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ বেবেজীয়াৰ মাহৰীআটিত ডকাইতে চলালে লুট-পাত

Posted by: মিণ্টু দাস May 31, 2018 7:16 pm
Burglar or intruder at night

নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত মাহৰীআটিত বুধবাৰে নিশা হোৱা এক ডকাইতিৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে অঞ্চলটোত পুনৰ এবাৰ আৰক্ষীৰ নিৰ্লিপ্ততাৰ ঘটনা পোহৰলৈ আহিছে।

জানিব পৰা মতে, মাহৰীআটি নিবাসী নিৰঞ্জন বেজবৰাৰ গৃহত নিশা প্ৰায় ৯ মান বজাত ৬ জনীয়া ডকাইতৰ এটা দলে প্ৰৱেশ কৰি ডকাইতিৰ ঘটনা সংঘটিত কৰে।

ডকাইতৰ দলটিয়ে ঘৰত প্ৰৱেশ কৰি গৃহস্থ তথা গৃহিণী কল্পনা বৰঠাকুৰ আৰু পুত্ৰ-কন্যাক হাত-ভৰি বান্ধি নগদ ধনকে ধৰি বিভিন্ন সা-সম্পত্তি লৈ যায়। ডকাইতৰ দলটোৱে পিষ্টল, ডেগাৰ আৰু চিপৰাং লৈ আহিছিল বুলি ভূক্তভোগী পৰিয়ালে জানিব দিয়ে।

এই পৰ্যন্ত ডকাইতৰ দলটোক চিনাক্ত কৰি কৰায়ত্ত কৰিবলৈ সক্ষম নোহোৱাত আৰক্ষীৰ ওপৰত সন্দেহৰ আঙুলি উঠাইছে স্থানীয় ৰাইজে।

স্মৰ্তব্য যে, বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন স্থানত কেইবামাহ ধৰি অব্যাহত থকা গৰু চুৰি তথা ডকাইতৰ ঘটনাই গঞা ৰাইজক সন্ত্ৰস্ত কৰি ৰখাৰ পাছত বেবেজীয়া আৰক্ষী চকীৰ মাত্ৰ এক কিলোমিটাৰ নিলগত হোৱা এনে ডকাইতিৰ ঘটনাই বেবেজীয়া আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ নিস্ক্ৰিয়, নিৰ্লিপ্ত তথা অকৰ্মণ্য ভূমিকাকে পুনৰ এবাৰ প্ৰতিপন্ন কৰিছে।