NORTHEAST NOW (Assamese)
অসম

আৰম্ভ প্ৰতিশোধ অভিযান! পেহেলগাম আক্ৰমণৰ ৭২ ঘন্টাৰ ভিতৰতে কাশ্মীৰত নিহত শীৰ্ষ লস্কৰ উগ্ৰপন্থী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 25, 2025 11:57 am

কাশ্মীৰৰ বন্দীপোৰাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে লস্কৰ-ই-তৈবা (LeT) সংগঠনৰ শীৰ্ষ কমাণ্ডাৰ আলতাফ লালি। ২২ এপ্ৰিল মঙলবাৰে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ পিছতে এই অভিযান আৰম্ভ হয়।

শুকুৰবাৰে পুৱা ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যুটীয়া বাহিনীয়ে বন্দীপোৰাত গোপন অভিযান আৰম্ভ কৰে।

চোৰাংচোৱা তথ্যৰ ভিত্তিত সন্ত্রাসবাদীৰ স্থান নিশ্চিত কৰাৰ পাছত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। গুলীয়াগুলিত এজন উগ্ৰপন্থী আহত হয়। এজন উচ্চপদস্থ বিষয়াৰ নিৰাপত্তা দলৰ সদস্য দুই আৰক্ষীও আহত হয়।

পেহেলগাম আক্ৰমণৰ ৭২ ঘন্টা সম্পূৰ্ণ হোৱা নাই। সমগ্ৰ কাশ্মীৰত ভাৰতীয় সেনাই সন্ত্ৰাসবাদ বিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰিলে।

জানিব পৰা মতে, মৃত আলতাফ লালি কাশ্মীৰৰ লস্কৰৰ কামাণ্ডাৰ আৰু নিযুক্তি প্ৰদানকাৰীৰ অন্যতম আছিল। পেহেলগাম আক্ৰমণৰ সৈতে লালিৰ পোনপটীয়া সম্পৰ্ক আছিল নেকি সেই বিষয়ে সেনাই তদন্ত কৰি আছে।

পেহেলগাম আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতি স্পষ্টভাৱে কৈছে যে ভাৰতে সন্ত্ৰাসবাদ নিৰ্মূল কৰিব। সন্ত্রাসবাদী য’তেই নাথাকক কিয় বিচাৰি উলিয়াই হত্যা কৰা হ’ব৷ প্ৰধানমন্ত্ৰীয়ে এই কথা কোৱাৰ সময়লৈকে সমগ্ৰ কাশ্মীৰত তালাচী অভিযান আৰম্ভ হৈ গৈছে। সেই সেনাৰ অভিযানতে নিহত হৈছে লালি।