NORTHEAST NOW (Assamese)
দেশ

পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত আহতসকলক সাক্ষাৎ বিৰোধী দলপতি ৰাহুল গান্ধীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 25, 2025 4:06 pm

কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত আহতসকলক সাক্ষাৎ কৰে। শুকুৰবাৰে পুৱা তেওঁ শ্ৰীনগৰত উপস্থিত হৈ তাত থকা বিবি কেণ্ট হাস্পতালত আহতসকলক সাক্ষাৎ কৰে।

এই ঘটনাক লৈ দেশজুৰি চলি থকা প্ৰতিবাদ আৰু ক্ষোভৰ মাজতে ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰে যিকোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিছে।

বুধবাৰে সন্ধিয়া এখন সৰ্বদলীয় বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু শীৰ্ষ চোৰাংচোৱা বিষয়াসকলে সকলো ৰাজনৈতিক দলৰ নেতাক পেহেলগাম কাণ্ডৰ বিশদ ব্যাখ্যা আগবঢ়ায়।

ৰাহুল গান্ধীয়ে কয় যে, সকলো ৰাজনৈতিক দলে সৰ্বসন্মতিক্ৰমে এই বৰ্বৰ আক্ৰমণক গৰিহণা দিছে আৰু চৰকাৰক যিকোনো ব্যৱস্থা গ্ৰহণ কৰাত সম্পূৰ্ণ সমৰ্থন জনাইছে।