NORTHEAST NOW (Assamese)
দেশ

পেহেলগামৰ কাণ্ডৰ সন্ত্ৰাসবাদী সকল ‘স্বাধীনতা সংগ্ৰামী’ : সন্ত্ৰাসবাদীক ‘বীৰ’ আখ্যা দি ভাৰতক প্ৰত্যাহ্বান পাক উপ-প্ৰধানমন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 25, 2025 3:07 pm
পেহেলগামৰ কাণ্ডৰ সন্ত্ৰাসবাদী সকল ‘স্বাধীনতা সংগ্ৰামী’ : সন্ত্ৰাসবাদীক ‘বীৰ’ আখ্যা দি ভাৰতক প্ৰত্যাহ্বান পাক উপ-প্ৰধানমন্ত্ৰীৰ

পেহেলগামত সন্ত্ৰাসবাদীয়ে নিৰ্মমভাবে ২৬ গৰাকী পৰ্যটকক হত্যা কৰা কাণ্ডক সমগ্ৰ বিশ্বই গৰিহণা দিছে। ইতিমধ্যে এই হত্যাকাণ্ডৰ আঁৰত পাকিস্তান জড়িত থকাৰ আভাস পোৱা গৈছে।

কিন্তু শেহতীয়াকৈ পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী ইছহাক দাৰে কৰা এক মন্তব্যৰ পিছত এই কথা স্পষ্ট হৈ পৰিছে যে পেহেলগামৰ এই আক্ৰমণৰ আঁৰত আছে পাকিস্তান চৰকাৰ হাত।

পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী ইছহাক দাৰে এক বিবৃতিত কয় যে পেহেলগামত যিসকল লোকে এই আক্ৰমণ সংঘটিত কৰিছিল তেওঁলোক সন্ত্ৰাসবাদী নহয়, তেওঁলোকক স্বাধীনতা সংগ্ৰামী বুলি গণ্য কৰিব পাৰি।

তেওঁৰ এই মন্তব্যই সমগ্ৰ বিশ্বতে বিতৰ্কৰ সৃষ্টি কৰিছে। পাকিস্তানৰ এই স্পষ্টীকৰণে সন্ত্ৰাসবাদীৰ প্ৰতি তেওঁলোকৰ সহানুভূতি আৰু অধিক স্পষ্ট কৰি তুলিছে।