NORTHEAST NOW (Assamese)
অসম

২৪ বছৰ পুৰণি মানহানিৰ গোচৰত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সমাজ কৰ্মী মেধা পাটকাৰক

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 25, 2025 2:59 pm

প্ৰবীণ সমাজকৰ্মী মেধা পাটকাৰক দিল্লী আৰক্ষীয়ে শুকুৰবাৰে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই দাখিল কৰা ২৪ বছৰ পুৰণি মানহানিৰ গোচৰত প্ৰবেচন বণ্ড দাখিল নকৰাৰ বাবে গ্ৰেপ্তাৰ কৰে।

পাটকাৰৰ বিৰুদ্ধে দিল্লীৰ আদালতে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱান জাৰি কৰাৰ পিছতে পাটকাৰক গ্ৰেপ্তাৰ কৰা হয়। আদালতত হাজিৰ নোহোৱা, পৰীক্ষামূলক বণ্ড দাখিল কৰাৰ আৰু ১ লাখ টকা জৰিমনা দিয়াৰ পূৰ্বৰ নিৰ্দেশ নমনাৰ বাবে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰা হৈছিল।

২০০০ চনত গুজৰাটৰ স্বেচ্ছাসেৱী সংগঠন নেচনেল কাউন্সিল অৱ চিভিল লিবাৰ্টিজৰ সভানেত্ৰী হৈ থকাৰ সময়তে মেধাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল ছাক্সেনাই। তেওঁৰ অভিযোগ আছিল যে মেধাই ২০০০ চনৰ ২৪ নৱেম্বৰত প্ৰেছ বিজ্ঞপ্তিযোগে তেওঁৰ মানহানি কৰিছিল।

চলিত মাহৰ আৰম্ভণিতে অতিৰিক্ত সত্ৰ ন্যায়াধীশ বিশাল সিঙে এই গোচৰত ৭০ বছৰীয়া মেধাক দোষী সাব্যস্ত কৰিছিল। ভাল আচৰণৰ চৰ্তত তেওঁৰ প্ৰবেশ্যন মঞ্জুৰ কৰিছিল। লগতে এক লাখ টকা জৰিমনাও বিহিছিল। বুধবাৰে আদালতত অনুপস্থিত আৰু আদালতৰ নিৰ্দেশ মানি নচলাৰ বাবে তেওঁৰ বিৰুদ্ধে পৰোৱানা জাৰি কৰা হয়।

সাক্সেনাৰ অধিবক্তা গজিন্দৰ কুমাৰে মেধাক ইচ্ছাকৃতভাৱে আইনী দায়িত্ব এৰাই চলাৰ অভিযোগ উত্থাপন কৰিছে। শাস্তি স্থগিত ৰখাৰ বাবে তেওঁৰ আবেদনকো আদালতে ‘ক্ষতিকৰ আৰু তুচ্ছ’ বুলি অভিহিত কৰে।

৩ মে’ৰ পৰৱৰ্তী শুনানিৰ ভিতৰত আদালতৰ নিৰ্দেশ মানি নচলিলে তেওঁৰ শাস্তি পুনৰ বিবেচনা কৰা হ’ব পাৰে বুলি সকীয়াই দিয়া হৈছে।