NORTHEAST NOW (Assamese)
দেশ

মই মন্ত্ৰী নহয়! মাণ্ডীৰ দুৰ্যোগ অঞ্চল পৰিদৰ্শন কৰাৰ পিছত কংগনাৰ অদ্ভুত যুক্তি

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 7, 2025 8:15 pm

“দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ মোৰ কোনো সাহায্য পুঁজি নাই। মই এই ৰাজ্যৰ কেবিনেট মন্ত্ৰীও নহয়”। বিজেপিৰ সাংসদ তথা অভিনেত্ৰী কংগনা ৰানাৱটে দেওবাৰে নিজৰ সংসদীয় সমষ্টি মাণ্ডীৰ দুৰ্যোগ এলেকা পৰিদৰ্শন কৰি ভুক্তভোগীসকলৰ বাবে সকাহৰ সন্দৰ্ভত এই অদ্ভুত যুক্তি আগবঢ়ায়।

অভিনেত্ৰী সাংসদগৰাকীৰ এই মন্তব্যৰ পিছতে বিতৰ্ক আৰম্ভ হয়। কংগ্ৰেছে এই মন্তব্যক ‘সংবেদনহীন’ বুলি ঠাট্টা কৰে।

প্ৰচণ্ড বৰষুণ, বানপানী, ভূমিস্খলনে বিধ্বস্ত কৰি তুলিছে হিমাচল প্ৰদেশ। এই পৰ্যন্ত ৰাজ্যত ৭৮ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। বহুতো নিৰুদ্দেশ হৈছে। কংগনা ৰানাৱতৰ সংসদীয় সমষ্টি মাণ্ডীত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।

দেওবাৰে কংগনাই নিজৰ সংসদীয় সমষ্টিত দুৰ্যোগ পৰিদৰ্শন কৰিবলৈ গৈছিল। বিধ্বস্ত হিমাচলৰ পৰিস্থিতি পৰিদৰ্শন কৰি এক অদ্ভুত যুক্তি আগবঢ়ায় অভিনেত্ৰী সাংসদ কংগনা ৰানাৱটে। এই বিষয়ে কংগনাক সোধাত কংগনাই হাঁহি হাঁহি উত্তৰ দিলে, “মোৰ কোনো কেবিনেট পদ নাই। দুৰ্যোগ সাহায্যৰ বাবে মোৰ হাতত কোনো ধন নাই। সাংসদৰ কাম সংসদতে সীমাবদ্ধ। আমি বহুত সৰু।”

অৱশ্যে দুৰ্যোগ সাহায্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সহায়ৰ আশ্বাস দিছে। এই পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাথে কয়, “কংগনাৰ সংবেদনহীনতাই বিজেপিৰ জয়ৰাম ঠাকুৰকো স্তম্ভিত কৰি তুলিছে। ডাৱৰ বিস্ফোৰণৰ বাবে মাণ্ডিত ব্যাপক ক্ষতি হৈছে। দুৰ্যোগৰ পিছত এইবাৰ তেওঁ প্ৰথমবাৰৰ বাবে দুৰ্ঘটনাস্থলীলৈ গৈছে।