NORTHEAST NOW (Assamese)
অসম

আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কঁঠালগুৰি উঃ মাঃ বনাম ছেইণ্ট জেভিয়াৰ্ছ

Posted by: এন ই নাও নিউজ June 1, 2018 9:11 am
football

দুলীয়াজান ফুটবল একাডেমিৰ উদ্যোগত আৰু অইল ইণ্ডিয়াৰ পৃষ্ঠপোষকতাত দুলীয়াজান নেহৰু ময়দান খেলপথাৰত অনুষ্ঠিত হৈ থকা আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ মিনি জুনিয়ৰ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে কঁঠালগুৰি উচ্চতৰ মাধ্যমিক আৰু ছেইণ্ট জেভিয়াৰ্ছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দল।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ প্ৰথমখন চেমিফাইনেলত চিচিয়া বকুলনি এম ভি স্কুলৰ বিৰুদ্ধে ৬-০ গ’লৰ বৃহৎ ব্যৱধানত জয়ী হয় কঁঠালগুৰি। বিশাল টপ্ন’ই পাঁচটাকৈ গ’ল কৰা মেচখনত কৃষ্ণানন্দ কলিতাই আনটো গ’ল কৰে। বিজয়ী দলৰ ধৰম বিঞ্জোৱাৰে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়।

আনহাতে একেখন খেলপথাৰতে বিয়লি অনুষ্ঠিত হোৱা মিনি জুনিয়ৰ শাখাৰ দ্বিতীয়খন ছেমি ফাইনেলত ৱাকঅভাৰ লাভ কৰি ফাইনেলত উপনীত হয় জেভিয়াৰ্ছ উচ্চতৰ মাধ্যমিক বিদ্যালয়।

জেভিয়াৰ্ছৰ প্ৰতিপক্ষ দুলীয়াজান অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় অনুপস্থিত থকাৰ পৰিপ্ৰেক্ষিতে দলটোৱে ৱাকঅভাৰ লাভ কৰে।

ইপালে আজি ছাব জুনিয়ৰ শাখাৰো ছেমি ফাইনেল মেচ দুখন অনুষ্ঠিত হ’ব। প্ৰথম মেচত দিল্লী পাব্লিক স্কুলে কছাৰী পথাৰ হাইস্কুলৰ বিৰুদ্ধে আৰু আনখন মেচত গোপীনাথ বেজবৰুৱা হাইস্কুলে দুলীয়াজান কেন্দ্ৰীয় বিদ্যালয়ৰ বিৰুদ্ধে সমুখ সমৰত নামিব।