NORTHEAST NOW (Assamese)
অসম

বটদ্ৰৱাৰ হাইডুবীত ভূমি বিবাদক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতি : আৰক্ষী আৰু স্থানীয় ৰাইজৰ মাজত খণ্ড যুদ্ধ

Posted by: মিন্টূ দাস June 1, 2018 10:14 am
batadraba land clash

নগাঁও জিলাৰ বটদ্ৰৱাৰ হাইডুবীত বৃহস্পতিবাৰে ভূমি বিবাদক কেন্দ্র কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ভূমি বিবাদক কেন্দ্ৰ কৰিয়েই স্থানীয় ৰাইজ আৰু আৰক্ষীৰ মাজত খণ্ড যুদ্ধৰ সৃষ্টি হয়।

স্থানীয় একাংশ লোকে আৰক্ষীক শিলগুটিৰে আক্ৰমণ কৰাত আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰে। উত্তেজিত ৰাইজক আৰক্ষীয়ে নিয়ন্ত্রণ কৰিবলৈ কৰা প্ৰচেষ্টাৰ পৰিণতিত মহিলা সহ তিনিজন লোক আৰু এজন আৰক্ষী বিষয়া আহত হয়। আহত লোক তিনিজন হৈছে আলী হুছেন, চাফিয়া খাতুন আৰু আমিনুল ইছলাম।

উল্লেখ্য যে বটদ্ৰৱা মৌজাৰ হাইডুবীত ছাদিৰ আলীৰ ভূমি আদালতৰ নির্দেশ মৰ্মে বেদখল মুক্ত কৰিবলৈ গৈছিল প্ৰশাসনৰ লোক। গাঁ‌ওখনৰ আনাৰ হুছেইন নামৰ এজন লোকে বহু বছৰ ধৰি বেদখল কৰি আছিল যদিও আজি সেই ভূমি বেদখল মুক্ত কৰিবলৈ গৈছিল আৰক্ষী।

বেদখলকাৰীসকলৰ ফৈদে সংঘাতত লিপ্ত হোৱাৰ ফলতে ঘটনাটো সংঘটিত হয়। বৰ্তমান গাঁ‌ওখনত এই ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰিছে।