NORTHEAST NOW (Assamese)
Popular Stories

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 9, 2025 5:37 pm

অপাৰেচন সিন্দূৰক লৈ আপত্তিজনক মন্তব্য কৰাৰ বাবে চেন্নাইৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকাক নিলম্বন কৰা হৈছে।

উল্লেখ্য যে, ভাৰতৰ অপাৰেচন সিন্দূৰৰ পাছত তেওঁৰ হোৱাটছএপ ষ্টেটাছত এই বিষয়ত কঠোৰ বক্তব্য আগবঢ়াইছিল। ইয়াৰ পাছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁক নিলম্বন কৰাৰ সিদ্ধান্ত লয়।

জানিব পৰা মতে, অধ্যাপিকাগৰাকীৰ এই ষ্টেটাছৰ বিষয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে তেওঁক নিলম্বন কৰাৰ সিদ্ধান্ত লোৱা হয়।

ইয়াৰ উপৰিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষইও এক বিবৃতি প্ৰকাশ কৰি সমগ্ৰ বিষয়টোক ‘অনৈতিক কাৰ্যকলাপ বুলি অভিহিত কৰিছে। সূত্ৰ অনুসৰি অধ্যাপিকাগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে।