NORTHEAST NOW (Assamese)
অসম

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 15, 2025 6:33 pm

লাইভ ষ্ট্ৰীমিংৰ সময়ত নিজৰ দোকানতে গুলীবিদ্ধ হৈ মৃত্যু হৈছে মেক্সিকান বিউটি ইনফ্লুৱেন্সাৰ ভেলেৰিয়া মাৰ্কেজৰ। ঘটনাৰ সময়ত তেওঁ টিকটকত নিজৰ অনুগামীসকলৰ সৈতে কথা পাতি আছিল।

টিকটক লাইভৰ সেই মুহূৰ্ততে এটা পাৰ্চেল দুৱাৰত উপস্থিত হয়, আৰু তেওঁ সেইটো খুলি কেমেৰাত পিগি ডল এটা দেখুৱাই দিয়াৰ লগে লগে মৰ্মান্তিক কাণ্ডটো সংঘটিত হয়।

এই ঘটনা সংঘটিত হৈছে মেক্সিকোৰ জাপোপান চহৰত। ২৩ বছৰীয়া ভেলেৰিয়াই নিজৰ বিউটি চেলুনৰ পৰা লাইভত আহিছিল। সেই সময়তে বন্দুক হাতত লৈ এজন যুৱকে হঠাতে চেলুনত প্ৰৱেশ কৰি গুলীচালনা কৰে।

লাইভত দেখা যায় চকীত বহি থকা অৱস্থাত ভেলেৰিয়াৰ মূৰত গুলী লাগিছিল, প্ৰচুৰ তেজ ওলাইছিল আৰু লগে লগে লুটি খাই পৰিছিল। তেনেতে আন এজন ব্যক্তি আহি তেওঁৰ মোবাইলটো তুলি লয়। লগে লগে বন্ধ হৈ পৰে লাইভ সম্প্ৰচাৰ।

তেওঁৰ এক লাখৰো অধিক অনুগামীয়ে এই কৰুণ ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে। তেওঁলোকৰ কোনোৱেই কল্পনা কৰিব পৰা নাছিল যে কেমেৰাৰ ঠিক সন্মুখতে এনেকুৱা ভয়ংকৰ মৃত্যুৰ ঘটনা ঘটিব।

স্থানীয় প্ৰশাসনে এই কাণ্ডক ‘ফেমিচাইড’ বা মহিলাক লক্ষ্য কৰি পৰিকল্পিত হত্যাকাণ্ড হিচাপে লৈছে। এই তথ্য জালিস্কো ৰাজ্য চৰকাৰ আৰু মেক্সিকান বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

উল্লেখ্য যে মেক্সিকোত ফেমিচাইড নতুন কথা নহয়। শেহতীয়াকৈ ভেৰাক্ৰুজ ৰাজ্যৰ এগৰাকী মহিলা মেয়ৰৰ প্ৰাৰ্থীক লাইভ ষ্ট্ৰীমিং কৰি থকাৰ সময়তে গুলীয়াই হত্যা কৰা হয়, তাত আন তিনিগৰাকীৰো মৃত্যু হয়।

এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ তথ্য অনুসৰি ২০২০ চনত মেক্সিকোত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা প্ৰতি চাৰিটা হত্যাকাণ্ডৰ ভিতৰত এটা হত্যাকাণ্ডক ফেমিচাইড হিচাপে চিহ্নিত কৰা হৈছে। দেশৰ ৩২খন ৰাজ্যতে নিয়মীয়াকৈ এনে ঘটনা সংঘটিত হৈ আছে।

ভেলেৰিয়াৰ অনুগামীসকলে কয় যে এনেদৰে এগৰাকী যুৱতী ইনফ্লুৱেন্সাৰৰ কৰুণ মৃত্যুক মানি লোৱাটো কঠিন। তেওঁলোকে শীঘ্ৰে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে।