NORTHEAST NOW (Assamese)
দেশ

উত্তৰ প্ৰদেশতো অবৈধ বাংলাদেশীৰ সমস্যা! মথুৰাত আটক ৯০ টা সন্দেহযুক্ত বিদেশী

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী May 17, 2025 2:06 pm

উত্তৰ প্ৰদেশৰ মথুৰাত বাংলাদেশী মূলৰ ৯০ জন লোকক আটক কৰি ৰখা হৈছে। মথুৰাৰ এছ এছ পি শ্লোক কুমাৰে এই তথ্য প্ৰদান কৰিছে।

সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এছএছপিয়ে কয় যে, “থানা নৌহঝিলে খাজপুৰ গাঁৱত এটা গুডাম পৰীক্ষা কৰাৰ সময়ত প্ৰায় ৯০ জন লোক বাংলাদেশী মূলৰ বুলি ধৰা পৰে। আটাইকেইজনক আটক কৰি ৰখা হৈছে আৰু সোধা-পোছা কৰা হৈছে।”

তেওঁ কয় যে আটক কৰাসকলৰ ভিতৰত ৩৫ জন পুৰুষ, ২৭ গৰাকী মহিলা আৰু ২৮ টা শিশু আছে।

এছ এছ পি মথুৰাই কয় যে, “সোধা-পোছাৰ সময়ত তেওঁলোকে স্বীকাৰ কৰিছে যে তেওঁলোক বাংলাদেশৰ নাগৰিক আৰু তেওঁলোকে ৩-৪ মাহ পূৰ্বে মথুৰালৈ আহিছিল। ইয়াৰ পূৰ্বে তেওঁলোক ওচৰৰ ৰাজ্যত বাস কৰিছিল।”তেওঁ কয়, “বিশদ তদন্ত চলি আছে। আন সংস্থাকো এই বিষয়ে অৱগত কৰা হৈছে। আন সংস্থা সমূহেও তেওঁলোকক জেৰা কৰি আছে।”