NORTHEAST NOW (Assamese)
Popular Stories

অভিযানৰ সময়ত ভয়তে খিৰিকীৰ বাহিৰলৈ টকা দলিয়ালে অভিযন্তাই, জব্দ ২ কোটি টকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 30, 2025 2:56 pm

শুকুৰবাৰে ভুৱনেশ্বৰৰ গ্ৰাম্যকৰ্ম বিভাগৰ মুখ্য অভিযন্তা (প্লেন ৰোড) বৈকুণ্ঠ নাথ সাৰংগীৰ সৈতে জড়িত একাধিক স্থানত তালাচীৰ সময়ত ওড়িশা ভিজিলেন্সৰ বিষয়াসকলে ২.১ কোটিৰো অধিক মূল্যৰ হিচাপহীন নগদ ধন জব্দ কৰে। আয়তকৈ অধিক সম্পত্তি ৰখাৰ অভিযোগৰ পাছতে এই অভিযান চলায়।

অভিযানৰ সময়ত সাৰংগীয়ে ভুৱনেশ্বৰত থকা নিজৰ ফ্লেটৰ খিৰিকীৰে ৫০০ টকীয়া নোটৰ বাণ্ডিল পেলাই নগদ ধন নিষ্কাশনৰ চেষ্টা চলোৱা বুলি অভিযোগ উঠিছে। বিষয়াসকলে কয়, ভিজিলেন্স বিষয়াসকলক দেখি শ্ৰী সাৰংগীয়ে নিজৰ ফ্লেটৰ খিৰিকীৰে ৫০০ টকীয়া নোটৰ নগদ বাণ্ডিল দলিয়াই দিয়ে।ভিজিলেন্সৰ অনুসন্ধানকাৰী দলে প্ৰত্যক্ষদৰ্শীৰ উপস্থিতিত একেখিনি উদ্ধাৰ কৰে।

ভুৱনেশ্বৰ, আংগুল, আৰু পিপিলি (পুৰী)ৰ ৭টা স্থানত একেলগে অনুসন্ধান চলোৱা হয়। ভুৱনেশ্বৰৰ এটা ফ্লেটৰ পৰা প্ৰায় ১ কোটি টকা উদ্ধাৰ হোৱাৰ বিপৰীতে আংগুল জিলাৰ কৰাডাগডিয়াত থকা তেওঁৰ দুমহলীয়া বাসগৃহত প্ৰায় ১.১ কোটি টকা উদ্ধাৰ কৰা হৈছে।

এই বিস্তৃত অভিযানৰ নেতৃত্বত আঠজন উপ-আৰক্ষী অধীক্ষক, ১২জন পৰিদৰ্শক, ছয়জন সহকাৰী উপ-পৰিদৰ্শককে ধৰি কেইবাজনো কৰ্মীয়ে অংশগ্ৰহণ কৰে। আংগুলৰ ভিজিলেন্সৰ বিশেষ ন্যায়াধীশে জাৰি কৰা চাৰ্চ ৱাৰেণ্টৰ অধীনত তালাচী চলায়।

তদন্তৰ অধীনত থকা চৌহদসমূহৰ ভিতৰত আছে: আংগুলত দুমহলীয়া আৱাসিক ঘৰ, ভুৱনেশ্বৰত ফ্লেট, পুৰীৰ ছিউলাত ফ্লেট, আংগুলত আত্মীয়ৰ ঘৰ, আংগুলত সাৰংগীৰ পৈতৃক ঘৰ, আংগুলত দুমহলীয়া পিতৃগৃহ, ভুৱনেশ্বৰৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত তেওঁৰ কাৰ্যালয় কক্ষ।

ভিজিলেন্সৰ বিষয়াসকলে জনোৱা মতে, অভিযান অব্যাহত আছে আৰু সাৰংগীৰ সম্পত্তিৰ বিশদ মূল্যায়ন চলি আছে।