NORTHEAST NOW (Assamese)
Popular Stories

স্বামী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে সৰব হৈ পৰিল সাহিত্যিক ৰীতা চৌধুৰীঃ ফেচবুকত উজাৰিলে ক্ষোভ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 30, 2025 3:27 pm

স্বামী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে সৰব হৈ পৰিল সাহিত্যিক ৰীতা চৌধুৰী। চৌধুৰীয়ে ফেচবুকত লিখিছে…

পান দোকান, বাবা মাইনা আৰু আমাৰ আত্মসন্মান

দুদিনমান এটা বিশাল আৰু নিৰ্জন চৌহদত অকলে আছোঁ৷ অলপ জিৰণিৰ বাবে আৰু সন্তানসকলৰ বাবে কৈ যাব লগা কথাবোৰ ৰেকৰ্ড কৰাৰ বাবে প্ৰস্তুতি চলাবলৈ এইখিনি একান্ত সময়ৰ প্ৰয়োজন আছিল৷ সামাজিক মাধ্যমত পোষ্ট দি থাকিলেও জৰুৰী বিষয়বোৰৰ বাহিৰে একো কথালৈ মন দিয়া নাছিলোঁ৷ সেয়ে মোৰ গৃহস্থই নিজৰ সন্তানক সাঙুৰি লৈ দিয়া মন্তব্য চকুত পৰা নাছিল৷ কালি ৰাতি এজনে কথাটো জনালে আৰু মই বিচাৰি উলিয়াই বক্তব্যখিনি শুনিলোঁ৷

এই বিষয়ে তেওঁৰ লগত মই কথা পতা নাই৷ প্ৰয়োজনো অনুভৱ কৰা নাই৷

যিমান পাৰো চমুকৈ মোৰ ৰাজহুৱাভাৱে কবলগীয়াখানি কোৱাৰ চেষ্টা কৰিম৷

যেতিয়া এজন ৰাজনীতিকে ৰাজহুৱা ভাবে কয় যে তেওঁৰ সন্তানক এখন পান দোকানো কৰি দিয়া নাই আৰু তেওঁৰ মৃত্যু হলে লণ্ডন আমেৰিকাত পঢ়ি অহা সন্তান দিশাহাৰা হৈ যাব তেতিয়া সেই মন্তব্যৰ ৰাজহুৱা উত্তৰ দিয়াৰ প্ৰয়োজন আছে৷

কাৰণ তেওঁৰ সন্তান দুটাৰ এগৰাকী মাকো আছে যি টান মাটিত থিয় হৈ মূৰ তুলি জীয়াই থাকিব খোজে আৰু আছেও৷ বাবা আৰু মাইনা মোৰো সন্তান৷ বাবাৰ নাম অভিৰুক আৰু মাইনাৰ নাম কৃষ্টি৷ তেওঁলোক এতিয়া প্ৰাপ্তবয়স্ক৷ পিতৃ-মাতৃ নিৰ্ভৰ শিশু নহয়৷ তেওঁলোকৰ আত্মসন্মান আৰু নিজা জীৱনদৰ্শন আছে৷ মোৰো আছে৷

বিয়াৰ ন বছৰ পিচত মোৰ ছোৱালীজনীৰ যেতিয়া জন্ম হৈছিল তেতিয়া মোৰ এটা বেংক একাউন্ট আছিল আৰু তাত তিনি হেজাৰ টকা আছিল৷ মাতৃ হোৱাৰ পিছত মোৰ দায়িত্ব সন্তানৰ যত্ন লোৱা, সঠিক পথ দেখুওৱা আৰু নিৰাপত্তাৰ ব্যৱস্থা কৰা৷ কিন্তু এম এল এ হৈ থকা তাইৰ পিতৃয়ে যেতিয়া তাইৰ আহাৰ যোগানত গাফিলতি কৰিছিল আৰু পইচা বেংকৰ পৰা উলিয়াই কিনাৰ সময় নাছিল, আৰু যেতিয়া উপায় নাপাই দীপক বৰ্মণ নামৰ লৰা এটাৰ হতুৱাই বাতৰি কাকত বেচি সেই পইচাৰে কিনি আনিব লগা হৈছিল তাৰ পিচত মই সেই দায়িত্ব নিজৰ হাতত তুলি লৈছিলোঁ৷ উপাৰ্জন কৰা প্ৰতিটো পইচা মই তেওঁলোকৰ ভৱিষ্যত আৰু বৰ্তমানক আগত ৰাখি ব্যয় কৰিছিলোঁ৷ কলম তুলি লৈছিলোঁ৷ নিজকো শক্তিশালী ৰূপত গঢ়ি তুলিছিলোঁ৷ তেওঁলোককো ক্ষমতাই দিয়া সুবিধাবোৰৰ পৰা আঁতৰাই সাধাৰণ জীৱন জীয়াই থাকিবলৈ শিকক বুলি আৰু বিশালতৰ জগতৰ লগত পৰিচয় হওক বুলি দিল্লীলৈ লৈ গৈছিলোঁ৷ লণ্ডন আমেৰিকালৈ ময়েই তেওঁলোকক পঢ়িবলৈ পঠিয়াইছিলোঁ৷ তাৰ বাবে মোৰ সমস্তখিনি উজাৰি দিছিলোঁ৷ মই ত্ৰুটি বিচ্যুতিহীন নহয়৷ কিন্তু চেষ্টা কৰোঁ৷ অভিৰুকে ক্লাছ এইটৰ পৰা বিভিন্ন ঠাইত গীটাৰ আৰু ড্ৰাম বজাই উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল৷ মোৰ হাতত আনি আনি দিছিল৷ এতিয়াই কৰে৷ তেনেই সাধাৰণভাবে জীয়াই থাকিবলৈ সেইখিনি যথেষ্ট৷ নিজেই পৰীক্ষা দি বিশ্বৰ পাঁচখন কলেজত মিউজিক পঢ়াৰ সুবিধা পাইছিল৷ তাৰ ভিতৰত তাৰ সপোন আছিল বষ্টনৰ বাৰ্কলি স্কুল অফ মিউজিকত পঢ়া৷ সেয়া মোৰ ক্ষমতাৰ সীমাৰ বাহিৰত আছিল৷ মই তাক কৈছিলোঁ আন কেইখন কলেজত মই তোমাক পঢ়ুৱাব পাৰিম৷ কিন্তু বাৰ্কলিত মই তোমাক মাত্ৰ দুবছৰ হে পঢ়ুৱাব পাৰিম৷ সি বহুত ভাবি চিন্তি কলে মোক দুবছৰ পঢ়ুৱালেও হব৷ তাৰ পিচত মই নিজেই কিবা কৰি লম৷ মোৰ তেতিয়ালৈ জমা হোৱা সমস্ত ধন, দেউতাকৰ একাউন্টৰ টকা আৰু খাৰঘুলিৰ ঘৰটো বন্ধকত দি এডুকেচন লোন লৈ পঢ়িবলৈ পঠিয়ালোঁ৷ পইচা দিব নোৱাৰাৰ বাবে তাৰ পঢ়া আধৰুৱা হৈ থাকিল৷ কভিদত সি উভতি আহিল৷ মই অলপ দূৰদৰ্শী আছিলোঁ আৰু এটা প্লেন বি ৰ কথা ভাবি তাৰ মিউজিছিয়ান বন্ধুবোৰৰ সহযোগত এটা ষ্টুডিঅ আৰম্ভ কৰিছিলোঁ৷ সি উভতি আহিছিল মিউজিকৰ জ্ঞান, অভিজ্ঞতা আৰু আত্মবিশ্বাস লৈ৷ কাম কৰি খায় সি৷ কৃষ্টি এগৰাকী আৰ্টিষ্ট৷ ছবি আঁকে৷ জন্মগতভাৱে নান্দনিক কামত পাৰদৰ্শী৷ তাই নাগালেণ্ডত গৈ খৃষ্টমাছৰ দোকান দিয়াৰ দৰে কামো কৰিছে৷ যদিও তাই বৰ আলসুৱা, কিন্তু প্ৰয়োজনত পাহাৰ দঙাৰো শক্তি আছে৷ জীৱনৰ সকলো প্ৰয়োজনীয় প্ৰশিক্ষণ মই তেওঁলোকক দিছোঁ৷ দুয়োজনৰে হাতৰ বিদ্যা আছে৷ চলিব পাৰিব৷ কিন্তু ক্ষমতাশালী পিতৃৰ ঘৰত ডাঙৰ হোৱা লৰা-ছোৱালী দুটাই এনেকৈ কাম কৰি স্বাৱলম্বী হৈ জীয়াই থাকিব পাৰিব বুলি জানিও তুলনামূলকভাৱে সুবিধাজনক পৰিবেশৰ শৈশৱ আৰু বৰ্তমান পাৰ কৰা সন্তান দুটাৰ ভৱিষ্যতক লৈ মাতৃ হিচাপে মোৰ নিৰাপত্তাহীনতা আছে৷ সেয়েহে মই এটা publishing house খুলিছোঁ৷ মিউজিকৰ ক্ষেত্ৰখন অনিশ্চিত৷ মই মাতৃ হিচাপে নিজৰ সন্তানক আনৰ ওচৰত হাত পাতি জীয়াই থকাৰ কথা কল্পনাও কৰিব নোৱাৰো৷ মোৰ ভয়ো লাগে আৰু খুব দুখো লাগে৷ লৰা-ছোৱালীদুটাক ৰাজনৈতিক আৰু প্ৰতিকুল পৰিবেশৰ মাজত মানুহ হিচাপে গঢ়ি তুলিবলৈ মই চেষ্টাৰ ত্ৰুটি কৰা নাই৷ লৰাটোৱে কয় চিন্তা নকৰিবলৈ৷ কয়মই কিবা এটা কৰিম৷ এনে এটা পৰিস্থিতিত এজন ক্ষমতাশালী দেউতাকে এখন পান দোকানো কৰি দিয়া নাই বুলি আৰু তেওঁৰ মৃত্যু হলে বাবা মাইনা দিশাহাৰা হৈ যাব বুলি ৰাজহুৱা ভাবে গৰ্ব কৰি কোৱাটো অত্যন্ত দূৰ্ভাগ্যজনক৷ ই আমাৰ কাৰণে অপমানজনকো৷ সন্তানৰ নিম্নতম নিৰাপত্তাৰ ব্যৱস্থা কৰাটো প্ৰতিজন পিতৃ-মাতৃৰ দায়িত্ব৷ তেওঁলোক নিজৰ ইচ্ছাত পৃথিৱীলৈ নাহে৷ এজন ক্ষমতাশালী মানুহে কৰাপছন নকৰাকৈও এইখিনি কাম আৰু ভালকৈ কৰিব পৰা সুবিধা থাকে৷ তাকে নকৰি, পান দোকানৰ উপমা টানি আনি, তেওঁৰ অবিহনে দিশাহাৰা হৈ যাব বুলি কৈ তেওঁ মাতৃ হিচাপে মোৰ যোগ্যতাকো অপমান কৰিছে৷ মোৰ দুই সন্তানক পৰমুখাপেক্ষী অসহায় শিশু হিচাপে প্ৰক্ষেপ কৰি তেওঁলোকৰ আত্মসন্মান আৰু যোগ্যতালৈকো আঙুলি টোৱাইছে৷ অতি দূৰ্ভাগ্যজনক৷ তেওঁ আমাৰ দৈনন্দিন জীৱন ভালদৰে পাৰ কৰাত যত্নপৰ নহয় বুলি কেতিয়াও কব নোৱাৰোঁ৷ কিন্তু তেওঁৰ অবিহনে দিশাহাৰা হৈ যাব বুলি কোৱাটো পিতৃ হিচাপে তেওঁৰ ব্যৰ্থতা৷ এই তৰলতাৰ আৰু

ৰাজনীতিৰ মাজলৈ নিজৰেই হওক আৰু আনৰেই হওক কাৰো পত্নী সন্তানক অনাহকত টানি অনাৰ নিম্নস্তৰৰ সকলো প্ৰৱণতাৰ মই বিৰোধীতা কৰোঁ৷ মই বিচাৰোঁ সমাজত নতুনকৈ আৰম্ভ হোৱা এই ক্ষয়ংকৰী ধাৰাৰ অন্ত পৰক৷