NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁইলৈ হেম বৰুৱা বঁটা

Posted by: এন ই নাও নিউজ June 3, 2018 11:14 am
4regGohain

বিশিষ্ট শিক্ষাবিদ, কবি, সাহিত্যিক,  ৰাজনীতিজ্ঞ হেম বৰুৱাৰ নামত প্ৰতিষ্ঠিত, হেম বৰুৱা ন্যাসে ২০১৭-২০১৮ বৰ্ষৰ বাবে হেম বৰুৱা বঁটা আগবঢ়াইছে বিশিষ্ট শিক্ষাবিদ, সাহিত্য সমালোচক, সমাজকৰ্মী, চিন্তাবিদ ড০ হীৰেন গোহাঁইলৈ।

হেম বৰুৱা ন্যাসে প্ৰকাশ কৰা অনুসৰি চলিত মাহৰ ১১ জুনত দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাবত এই বটা প্ৰদান কৰা হ’ব ৰাজ্যখনৰ বিশিষ্ট চিন্তাবিদ গৰাকীক।

ৰাজ্যখনৰ বিশিষ্ট চিন্তাবিদ গৰাকীলৈ হেম বৰুৱা বঁটা আগবঢ়োৱাত সম্প্ৰতি তেওঁলৈ অভিনন্দন জ্ঞাপন কৰিছে বৌদ্ধিক মহলে।

উল্লেখযোগ্য যে অসমীয়া সমাজ জীৱনৰ বাবে বৌদ্ধিক বিবেক স্বৰূপ হৈ পৰা ড০ হীৰেন গোহাঁইক ইয়াৰ পূৰ্বেও বহু বঁটা- বাহনেৰে সন্মানিত কৰা হৈছে।বঁটা প্ৰদান অনুষ্ঠানত সংশ্লিষ্ট সকলোকে উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনাইছে হেম বৰুৱা ন্যাসে।