NORTHEAST NOW (Assamese)
অসম

অসম চৰকাৰৰ ‘পুছ বেক’ নীতিৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ শুনানি গ্ৰহণত অস্বীকাৰ উচ্চতম ন্যায়ালয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 2, 2025 7:23 pm

শেহতীয়াকৈ অসম চৰকাৰে সন্দেহযুক্ত বিদেশীক আটক কৰি বিতাড়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বাদী পক্ষই অভিযোগ কৰিছে যে সন্দেহযুক্ত বিদেশীক নাগৰিকত্ব নিশ্চিত নকৰাকৈ আৰু পৰ্যাপ্ত আইনী সুবিধা নিদিয়াকৈ আটক কৰি বিতাড়িত কৰা হৈছে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়তো গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কেৰল আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে সোমবাৰে এই গোচৰ খাৰিজ কৰে। আদালতে কয় যে যদি বাদীয়ে বিচাৰে তেন্তে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিব পাৰে।

উলেখ্য যে অসমৰ এই নীতি সন্দৰ্ভত কিয় উচ্চ ন্যায়ালৰ দ্বাৰস্থ নোহোৱাকৈ উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হ’ল বুলি প্ৰশ্ন উত্থাপন কৰে বিচাৰপীঠে। আদালতে প্ৰশ্ন কৰে যে আপুনি কিয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা নাই? তাৰ পিছত বাদীজনৰ অধিবক্তা সঞ্জয় হেগড়ে কয় যে এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ আদেশৰ বিষয়ে উল্লেখ কৰে। অৱশ্যে উচ্চতম ন্যায়ালয়ে এই গোচৰৰ শুনানি গ্ৰহণ কৰিব বিচৰা নাছিল।

ইয়াৰ পিছতে বাদীৰ অধিবক্তাই কয় যে তেওঁলোকে গোচৰটো প্ৰত্যাহাৰ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুৱাৰত পুনৰ গোচৰ তৰিব। অসম চৰকাৰে বৈধ নথি-পত্ৰ অবিহনে বিদেশী নাগৰিকক আটক কৰি বিতাড়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই গোচৰত শুদ্ধ নিয়ম মানি চলা হোৱা নাই বুলি বাদীয়ে অভিযোগ কৰে। তেওঁৰ পক্ষই কয় যে সন্দেহজনক লোকজনৰ নাগৰিকত্ব সঠিকভাৱে পৰীক্ষা নকৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত শেহতীয়া কিছু খবৰৰ কথাও উল্লেখ কৰে বাদীয়ে।

 তেওঁ দাবী কৰে যে অসম আৰক্ষী আৰু প্ৰশাসনে ‘পুছ বেক’ নীতিৰ জৰিয়তে কোনো নিয়ম মানি নচলি বিতাড়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই নীতিয়ে সংবিধানৰ ১৪ আৰু ২১ নং অনুচ্ছেদ উলংঘা কৰা বুলিও দাবী কৰিছে বাদীয়ে।