আজি ৰাজ্যৰ এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

ৰাজ্যত পুনৰ বতৰে ধাৰণ কৰিব পাৰে কালৰূপ। প্ৰবল ধুমুহা-বৰষুণে কঁপাব পাৰে অসম।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই শুকুৰবাৰৰ বাবে জাৰি কৰিছে সতৰ্কবাণী।
শুকুৰবাৰৰ বাবে ৰাজ্যৰ ১৪খন জিলাত জাৰি কৰা হৈছে ইয়েল্ল সতৰ্কতা। শুকুৰবাৰৰ বাবে ইয়েল্ল এলাৰ্ট জাৰি কৰা জিলা কেইখন হৈছে ধুবুৰী, কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা আৰু নলবাৰী।
কামৰূপ, কামৰূপ (মেট্ৰ’), দৰং, মৰিগাঁও, নগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বাবেও শুকুৰবাৰৰ দিনটোৰ বাবে হালধীয়া এলাৰ্ট জাৰি কৰা হৈছে।
এই সময়ছোৱাত এই জিলাসমূহৰ দুই-এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ অহাৰ সম্ভাৱনা আছে। একেদৰে, বিজুলী-ঢেৰেকনিৰ সৈতে হঠাৎ বতাহৰ গতিবেগ প্ৰতিঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে।