NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰ বন বিভাগৰ অভিযানত চোৰাং কাঠসহ আটক এজন ব্যৱসায়ী

Posted by: এন ই নাও নিউজ June 4, 2018 1:59 pm
34387749_779998779057573_1908874682581385216_n

ৰাজ্যখনত সময়ে সময়ে সংঘটিত হৈ অহা কাঠ তথা বনজ সম্পদৰ চোৰাং সৰবৰাহৰ সময়তে আজি কোকৰাঝাৰ বন বিভাগে গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত চলোৱা এক অভিযানত কোকৰাঝাৰত বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ ধীৰেন বসুমতাৰী নামৰ এজন ব্যৱসায়ীক আটক কৰে।

উল্লেখ্য যে বন বিভাগৰ অভিযানকাৰী দলটোৱে জানিবলৈ দিয়া অনুসৰি জব্দকৃত মূল্যৱান কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ৬ লাখ টকা হ’ব।

মনকৰিবলগীয়া বিষয় যে এফালে ৰাজ্যখনত বন বিভাগে বনাঞ্চল তথা বন্যপ্ৰাণী সংৰক্ষণৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আনফালে এচাম দুষ্ট চক্ৰই বন বিভাগৰ চকুত ধুলি মাৰি বনাঞ্চল ধ্বংস যজ্ঞ অব্যাহত ৰাখিছে। এনে কাৰ্যই স্বাভাৱিকতে বনাঞ্চলপ্ৰেমী সকলক ব্যাথিত কৰি তোলা পৰিলক্ষিত হৈছে।