NORTHEAST NOW (Assamese)
অসম

শশী থাৰুৰক বিদেশ মন্ত্ৰী কৰিব বিচাৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে? জল্পনা-কল্পনা তুংগত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 27, 2025 8:42 am

কেৰালাত বিজেপিয়ে কোনোমতেই নিজৰ ভেটি গঢ়িবলৈ সক্ষম হোৱা নাই। সেয়ে নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছৰ নেতা তথা যুৱক-যুৱতীৰ বাবে গ্ৰহণযোগ্য আৰু ইংৰাজী, হিন্দী, মালৱালী, ফৰাচী আৰু বাংলা ভাষাৰ ভাল বক্তা স্মাৰ্ট শশী থাৰুক কংগ্ৰেছৰ পৰা ভাঙি আনিবলৈ চেষ্টা কৰিছে নেকি? দলটোৰ কেৰালা লবীৰ প্ৰতি বিৰক্তিৰ বাবে থাৰুৰৰো কংগ্ৰেছৰ প্ৰতি বিদ্বেষ বাঢ়িছে নেকি? ফলত প্ৰধানমন্ত্ৰীয়ে কেবিনেট সালসলনি কৰি থাৰুৰক বৈদেশিক মন্ত্ৰী কৰিব বিচাৰিছে নেকি?

ৰাজনৈতিক মহলত আৰম্ভ হৈছে জল্পনা-কল্পনা। যদিও থাৰুৰে নিজে কৈছে যে মই বিজেপিলৈ যোৱাৰ বাবেই অপাৰেচন সিন্দুৰৰ বিষয়ত প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰা নাছিলো। বিদেশত দেশৰ হৈ স্থিতি লৈছো। কংগ্ৰেছ নেতৃত্বৰ সৈতে তেওঁৰ মতানৈক্য আছে বুলিও তেওঁ স্বীকাৰ কৰিছে।

অৱশ্যে নিৰ্ভৰযোগ্য সূত্ৰৰ মতে শেহতীয়াকৈ ৰাহুল গান্ধীয়ে থাৰুৰৰ সৈতে কথা পাতিছিল। কিছুদিন আগতে ৰাহুল লণ্ডনত আছিল। থাৰুৰো আন কামৰ বাবে তালৈ গৈছিল। দুয়োজনে তাতেই কথা পাতে। থাৰুৰৰ স্থিতি সন্দৰ্ভত কোনো বিৰূপ মন্তব্য কৰা নাছিল ৰাহুলে। থাৰুৰৰ ওপৰত ৰাহুলৰো আস্থা আছে।

কিন্তু ৰাহুল গান্ধী যিমানেই নিশ্চিন্ত নহওক কিয়, দিল্লীতে হওক বা কেৰালাতেই হওক শশী থাৰুৰক লৈ দলৰ নেতৃত্ব একেবাৰেই সুখী নহয়। ৰাজনৈতিক মহলৰ মতে, পেহেলগাম আক্ৰমণৰ পিছত পৰিস্থিতি চম্ভালিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে যথেষ্ট সংগ্ৰাম কৰি আহিছে।

অভিযোগ উত্থাপন হৈছে যে পাকিস্তান বিষয়ত জয়শংকৰে বিশ্ব মঞ্চত বিশেষ ভূমিকা ল’ব পৰা নাই। সেই সন্দৰ্ভত শশী থাৰুৰে বিশ্বৰ ৩৩খন দেশলৈ চৰকাৰে প্ৰেৰণ কৰা সাতটা সাংসদৰ প্ৰতিনিধি দলৰ ভিতৰত এটাক নেতৃত্ব দি দৃষ্টি আকৰ্ষণ কৰিছে। এই কথাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অতি সুখী।

দেশলৈ উভতি অহাৰ পাছত সর্বদলীয় প্রতিনিধি দলটোৱে শেহতীয়াকৈ প্রধানমন্ত্রীক চাহমেলত সাক্ষাৎ কৰে৷ তাত মোডীক বেছিভাগ সময়তে শশী থাৰুৰৰ লগত কথা পতা দেখা গৈছিল। ইয়াৰ সমান্তৰালকৈ মোডী চৰকাৰে থাৰুৰক ৰাছিয়াৰ মস্কোত অনুষ্ঠিত এক অনুষ্ঠানত অংশ ল’বলৈ অনুমতি দিছে।

ৰাজনৈতিক মহলৰ মতে, ২৫-২৬ জুনত মস্কোত অনুষ্ঠিত হোৱা পিমাকভ ৰিডিংছ নামৰ আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক আৰু বিশেষজ্ঞ মঞ্চলৈ নৰেন্দ্ৰ মোডীয়ে তেওঁক প্ৰেৰণ কৰিছিল। তাতো থাৰুৰে পাকিস্তানক সন্ত্ৰাসবাদী দেশ বুলি অভিহিত কৰি ভাৰতৰ স্থিতি স্পষ্ট কৰি দিছে।

আনহাতে, কেৰালা প্ৰদেশ কংগ্ৰেছে শশী থাৰুৰক গুৰুত্ব দিব নিবিচাৰে। নিৰ্বাচনতো বিশেষ সহায় নকৰে। তেওঁ ছোনিয়া-ৰাহুলৰ পছন্দ বুলি মৌন থাকে। শশী থাৰুৰেও নিজৰ জনপ্ৰিয়তা বজাই ৰাখি তিৰুৱনন্তপুৰমৰ পৰা একেৰাহে চাৰিবাৰ জয়লাভ কৰিছে।

থাৰুৰে দল ত্যাগ কৰিলে দল বিৰোধী কাৰ্যকলাপৰ বাবে লোকসভাৰ সদস্যপদ হেৰুৱাব পাৰে। অৱশ্যে তাত মন্ত্ৰী হোৱাৰ কোনো বাধা নাই। মোডীয়ে ইচ্ছা কৰিলে ৰাজ্যসভাৰ পৰা তেওঁক সদস্য কৰি মন্ত্ৰীসভাত স্থান দিব পাৰে। সেয়ে ৰাজনৈতিক মহলত শশী থাৰুৰৰ গতিবিধিলৈ কৌতুহল বাঢ়িছে।