NORTHEAST NOW (Assamese)
দেশ

‘সংসদ নহয়, মোৰ বাবে সংবিধানহে সৰ্বোচ্চ’ : মুখ্য ন্যায়াধীশ বি আৰ গাভাই

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী June 27, 2025 5:37 pm

দেশত সংবিধানেই সৰ্বোচ্চ আৰু গণতন্ত্ৰৰ তিনিওটা শাখাই সংবিধানৰ অধীনত কাম কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে পুনৰ এবাৰ এই কথা স্পষ্ট কৰি দিছে। তেওঁৰ মতে, “সংসদে সংবিধানৰ মৌলিক গাঁথনি সংশোধন কৰিব পাৰে, কিন্তু ইয়াক সলনি কৰিব নোৱাৰে”।

বিগত বৰ্ষৰ মে মাহত উচ্চতম ন্যায়ালয়ৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছিল বি আৰ গাভাইয়ে। সেই উপলক্ষে বুধবাৰে তেওঁৰ জন্মস্থান মহাৰাষ্ট্ৰৰ অমৰাৱতীত তেওঁক সম্বৰ্ধনা জনোৱা হয়। তাত তেওঁ কয়, “বহুতে কয় আৰু বিশ্বাস কৰে যে সংসদ সৰ্বোচ্চ। কিন্তু মোৰ বাবে ভাৰতৰ সংবিধান সৰ্বোচ্চ। গণতন্ত্ৰৰ তিনিটা শাখা (বিধান, কাৰ্যবাহী আৰু ন্যায়িক) সংবিধানৰ দ্বাৰা পৰিচালিত হয়।”

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে কেৱল চৰকাৰৰ বিৰুদ্ধে ৰায় বা আদেশ দি ন্যায়াধীশ স্বাধীন নহয়। তেওঁৰ ভাষাত, “এজন ন্যায়াধীশে সদায় মনত ৰখা উচিত যে আমাৰ এটা কৰ্তব্য আছে। আমি নাগৰিকৰ অধিকাৰ, সাংবিধানিক মূল্যবোধ আৰু নীতিৰ ৰক্ষক। আমাৰ কেৱল ক্ষমতা নাই, বৰঞ্চ আমাৰ ওপৰত এটা কৰ্তব্য অৰ্পণ কৰা হৈছে”।

একে সময়তে মুখ্য ন্যায়াধীশে ন্যায়াধীশসকলক তেওঁলোকৰ কৰ্তব্যৰ কথা সোঁৱৰাই দিয়ে। তেওঁৰ ভাষাত “আমি স্বতন্ত্ৰভাৱে চিন্তা কৰিব লাগিব। মানুহে যি কয় সেয়া আমাৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ অংশ হ’ব নোৱাৰে”।

ইয়াৰ পিছত মুখ্য ন্যায়াধীশগৰাকীয়ে তেওঁৰ শৈশৱৰ কথা মনত পেলাই কয় যে তেওঁ সৰুতে স্থপতিবিদ হব বিচাৰিছিল। কিন্তু দেউতাকে বিচাৰিছিল যে তেওঁ এজন উকীল হওক। সেই ইচ্ছা পূৰণ কৰিলে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “মোৰ দেউতাই উকীল হ’ব বিচাৰিছিল। কিন্তু স্বাধীনতা আন্দোলনত যোগদান কৰি গ্ৰেপ্তাৰ হোৱাৰ বাবে তেওঁৰ ইচ্ছা পূৰণ নহ’ল।”