NORTHEAST NOW (Assamese)
Popular Stories

অপৰাধী চিনাক্ত কৰিবলৈয়ো ‘সক্ষম’! ৰাজপথত থকা দেশীয় কুকুৰ ‘টাইগাৰ’ এতিয়া হৈ পৰিল ৰে’ল আৰক্ষীৰ সদস্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 29, 2025 2:46 pm

কোনোবাই সৰুতে ষ্টেচনত এৰি থৈ গৈছিল এটি কুকুৰক। কিন্তু সেই কুকুৰটো এতিয়া ৰেলৱে সুৰক্ষা বাহিনী (আৰ পি এফ)ৰ অন্যতম সদস্য।

তাৰ নাম টাইগাৰ। ঠিকনাঃ চেন্নাই কেন্দ্ৰীয় ৰেলৱে ষ্টেচন। সৰুৰে পৰা সি সেই ষ্টেচনতে ডাঙৰ হৈ আহিছে। ফলত যাত্ৰীসকলৰ লগত তাৰ মধুৰ সম্পৰ্ক আছে। টাইগাৰে অতি সহজে ধৰি লয় কোন যাত্ৰী আৰু কোন অপৰাধী। তাৰ এই গুণে আনকি ৰেলৱে সুৰক্ষা বাহিনীকো আপ্লুত কৰে। যাৰ বাবে তেঁওলোকে কুকুৰটোৰ নাম ৰাখিলে টাইগাৰ

এজন RPF জোৱানে জনোৱা মতে, Covid পৰিস্থিতিৰ সময়ত কোনোবাই টাইগাৰক ষ্টেচনত এৰি গুচি যায়। তেতিয়াৰ পৰাই তাৰ ঠিকনা হৈছে চেন্নাই চেণ্ট্ৰেল ষ্টেচন। ৰাতি আৰ পি এফ টহল দিবলৈ ওলাই গলে টাইগাৰ তেওঁলোকৰ লগত যাব। কেতিয়াবা টাইগাৰে আনকি গোটেই ষ্টেচনটো নিজেই ঘূৰি ফুৰিছিল। টাইগাৰে আৰ পি এফৰ সৈতে নিয়মীয়াকৈ টহল দিবলৈ আৰম্ভ কৰিলে। লগতে আৰ পি এফৰ জোৱানসকলে তেওঁলোকৰ সৈতে থাকিও কুকুৰ পোৱালিটোৱে কেইবাটাও আচাৰ-ব্যৱহাৰ শিকিছিল বুলিও জানিবলৈ দিয়ে। যিয়ে তেওঁলোকক অপৰাধী বা যিকোনো অপৰাধমূলক কাৰ্য্য বা সন্দেহজনক যিকোনো বস্তু চিনাক্ত কৰাত সহায় কৰে।

আৰ পি এফৰ পৰিদৰ্শক মধুসুদন ৰেড্ডীয়ে কয় যে, ‘টাইগাৰৰ মাজত পৰিস্থিতিৰ প্ৰতি সজাগতা গঢ় লৈ উঠিছে। ৰাতি আমাৰ লগত টহল দিব যায়। সন্দেহজনক বস্তু বা মানুহ চিনি পোৱাৰ এক অলৌকিক ক্ষমতা তাৰ আছে। সি বহু সৰু-সুৰা অপৰাধীকো ধৰিবলৈ সহায় কৰিছে। কেৱল সেয়াই নহয়, টাইগাৰে ৰেলৰ পৰা এটা ডকাইতক ধৰিবলৈও সহায় কৰিছিল।’